সামাজিক মাধ্যমতে হওক বা বন্ধুবৰ্গৰ মাজত শীতকাল সন্দৰ্ভত বিভিন্ন ধৰণৰ হাস্যৰসৰ কৌতুক প্ৰচলন কৰা দেখা যায়।কিন্তু আমাৰ অজ্ঞাতে কৌতুকবোৰে যে এক নিশ্চিত সত্যক দাঙি ধৰিছে সেইয়া জানো এবাৰ আমাৰ দৃষ্টি গোচৰ হৈছে..???
শীতকালত মাথোঁ ৪টা কৰণীয়ৰে ৰোধ কৰো আহক হাৰ্ট এটেকৰ দৰে মাৰাত্মক ৰোগক-পাব্লিক লাইব্ৰেৰী অৱ চায়েঞ্চ জাৰ্নেলত প্ৰকাশ হোৱা তথ্য অনুসৰি শৰীৰত ”
ৰিক্স ফেক্টৰ” উপলব্ধ লোকৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা শীতকালত ৩১% বৃদ্ধি হয়।”ৰিক্স ফেক্টৰ” বুলিলে সাধাৰণতে উচ্চ কলেষ্টৰল, উচ্চ বি.পি,ডায়েবেটিচ
,মেডবহুলতা, ধুমপান আৰু মানসিক চাপ আদিত থকা লোকক বুজায়।
শীতকালত হৃদযন্ত্ৰৰ সমস্যাৰ পৰিমান বৃদ্ধি হোৱাৰ কিছু তথ্য বিশ্লেষণ কৰিলে গম পোৱা যায় যে
যিদৰে আমি শোৱাৰ সময়ত হৃদযন্ত্ৰৰ কামৰ পৰিমাণ সীমিত হোৱাৰ লগতে উচ্চ ৰক্তচাপ আৰু চুগাৰৰ পৰিমাণ কমি থাকে ঠিক তেনেদৰে সাৰ পোৱাৰ লগে লগে শৰীৰত সক্ৰিয় স্নায়ুতন্ত্ৰই ৰক্তচাপ আৰু ডায়েবেটিচক স্বাভাৱিক অৱস্থালৈ আনিবলৈ অহৰহ চেষ্টা কৰে।কিন্তু স্নায়ুতন্ত্ৰই গ্ৰীষ্মকালীন ঋতুৰ পৰিবৰ্তে শীতকালত কাম কাম কৰিবলৈ অত্যাধিক চাপৰ প্ৰয়োজন অনুভৱ কৰে।লগতে শীতকালত তেজৰ অনুচক্ৰিকাবোৰ সহজে গোট মাৰে আৰু শীতৰ প্ৰভাৱৰ বাবে তেজৰ ঘনত্বও বৃদ্ধি হবলৈ ধৰে।
শীত কালত শৰীৰত ৰক্ত সঞ্চালনৰ গতি লেহেমীয়া হয়। এনে পৰিস্থিতিত এজন উচ্চ কলেষ্টেৰল অথবা হৃদ ৰোগীৰ তেজৰ সঞ্চালনত অধিক প্ৰভাৱ পৰা দেখা যায়।সেইগতিকে শৰীৰটো স্বাভাৱিক অৱস্থালৈ আহিবলৈ হৃদযন্ত্ৰই গ্ৰীষ্মকালৰ তুলনাত শীতকালত দুগুণ পৰিমানে কাম কৰিব লগা হয়। তেজত অধিক চৰ্বি থকাসকলৰ শৰীৰটো বেছি ঠাণ্ডা হয় আৰু হৃদযন্ত্ৰ বন্ধ হোৱাৰ সম্ভাৱনা দুগুণ বৃদ্ধি হয়।
হৃদৰোগীৰ বাবে ঠাণ্ডা দিনত কৰিবলগীয়া ৪টা বিশেষ কৰ্তব্য-
খোৱা পানীৰ পৰিমাণ সীমাবদ্ধ কৰা আৰু কুহুমীয়া পানী সেৱনত গুৰুত্ব প্ৰদান- শীতকালত ৰাতিপুৱা সাৰ পোৱাৰ পিছত তৎক্ষণাত ঠাণ্ডা অত্যাধিক ব্যৱহাৰ পৰিবৰ্তে আৰু কুহুমীয়া পানীহে ডাক্তৰে নিৰ্ধাৰন কৰা মাপত ব্যৱহাৰ কৰা দৰকাৰ।যিহেতু শুই উঠাৰ লগে লগে হৃদযন্ত্ৰই তেজ সঞ্চালন আৰম্ভ কৰে তেনে ক্ষেত্ৰত ঠাণ্ডা পানী ৰাতিপুৱাই গ্ৰহণ কৰাৰ পিছত হৃদযন্ত্ৰৰ ওপৰত চাপৰ পৰিমাণ বৃদ্ধি হৈ পৰে।
ৰাতিপুৱাৰ পৰিবৰ্তে দুপৰীয়া ব্যায়াম কৰাৰ অভ্যাস গঢ় দিয়া- শীতকালত হৃদযন্ত্ৰ সুৰক্ষাৰ বাবে ৰাতিপুৱাৰ পৰিবৰ্তে দিনটোৰ অন্য সময়ত হে ব্যায়াম কৰা দৰকাৰ।ৰাতিপুৱাৰ ব্যায়ামে আমাৰ হৃদযন্ত্ৰৰ চাপ বৃদ্ধি কৰে লগে লগে ইয়াৰ বিকল হোৱাৰ সম্ভাৱনাকো দিনে বৃদ্ধি কৰা দেখা যায়।
চৰ্বিজাতীয় খাদ্য আৰু নিমখৰ পৰিহাৰ- শীতকালত যথাসম্ভৱ সকলো লোকে চৰ্বিজাতীয় খাদ্য আৰু নিমখৰ পৰিমাণ সীমিত কৰা দৰকাৰ।
শীতকালত মূলা সেৱনৰ গুৰুত্ব-
বিশেষভাবে শীতকালত আমাৰ হৃদযন্ত্ৰৰ অতি উপকাৰী পাচলি হৈছে মূলা।যিয়ে হাৰ্ট-এটেক কৰনাৰী আৰ্টাৰী ডিজিজ আৰু ট্ৰিপল ভেছেল ডিজিজৰ সম্ভাৱনা বহু পৰিমাণে কম কৰাৰ লগতে
মূলা সেৱনৰ দ্বাৰা তেজত চেনিৰ মাত্ৰা সহজে নিয়ন্ত্ৰণ কৰিব পাৰি।
আমাৰ আপোনজনৰ ভয়ানক ভৱিষ্যতক দূৰ কৰিবলৈ কিছুমান নীতি কঠোৰভাৱে পালন কৰা উচিত।
বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।