সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক

1 min read

” কৃষ্ণায় বাসুদেৱায়   দৈৱকীনন্দনায়চ্‌ |

 নন্দগোপকুমাৰায় গোৱিন্দায় নমো নমঃ || “

হে কৃষ্ণ, হে বাসুদেৱ, হে দৈৱকীনন্দন হৰি, হে নন্দ গোপৰ কুমাৰ, হে কৃপাময় শ্ৰী গোৱিন্দ তোমাক লক্ষ নমস্কাৰ |

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন পুথিৰ আৰম্ভণিতে এই শ্লোকৰ অৱতাৰণা কৰি গুৰুক স্মৰণ কৰিছে | যিজন পৰম পুৰুষ বা সৰ্বজগতৰ পৰম কাৰণ তত্ব-বস্তু, সেইজনেই দ্বাপৰ যুগত দৈৱকীনন্দন ৰুপে কংসৰ অৱৰুদ্ধ অন্ধকাৰ কাৰাগাৰত কৌটি সুৰ্যময় জ্যোতিৰে শংখ-চক্ৰ-গদা-পদ্ম ধৰি অৱতাৰ গ্ৰহণ কৰিছিল | সেইজনেই বাসুদেৱ | সমস্ত জগত যিজন পৰমেশ্বৰত আছে, লৌকিকভাৱেও সেইজন ঈশ্বৰৰেই বাসুদেৱ পুত্রৰুপে অৱতাৰ হোৱা কাৰণেই, ঈশ্বৰ কৃষ্ণক বাসুদেৱ বোলা হৈছে | দৈৱকীনন্দন হৰিয়ে কপট গৰখীয়া বোৰে নন্দকুমাৰ নামলৈ গকুলত বাস কৰিছিল | সেইজনেই বাসুদেৱ পুত্র কৃষ্ণ, সেইজনেই শ্ৰী গোৱিন্দ পুৰুষ | তেওৰেই চৰণত লক্ষ লক্ষ নমস্কাৰ জনাইছো | কৃষ্ণ.. কৃষ্ণ…

You May Also Like

More From Author