ভগৱান শিৱ হৈছে আদি আৰু অনন্ত..
তেওঁ পূজা কৰিলে তিনি লোকৰ সুখ পোৱা যায়..
ভগৱান শিৱ’ই জগতৰ কল্যাণৰ হকে-
বিভিন্ন সময়ত বিভিন্ন অৱতাৰ.., অংশ অৱতাৰ ধাৰণ-কৰিছিল বুলি শাস্ত্রত পোৱা যায়।।
অৰ্ধনাৰীশ্বৰ তাৰেই ভিতৰত এক অন্যাতম অৱতাৰ..।।
এই অৱতাৰত আমি দেখাপাওঁ-
ভগৱান শিৱৰ দেহৰ আধা অংশ-পুৰুষৰ আৰু বাকী-আধা অংশ নাৰীৰ..
এই অৱতাৰৰ দ্বাৰা ভগৱান শিৱ’ই
জগতৰ সমস্ত লোকক-নাৰী আৰু পুৰুষৰ সমানতাৰ বাৰ্তা দিব বিচাৰিছিল..।।সমাজ-পৰিয়াল-আৰু সৃষ্টিৰ সঞ্চালনৰ বাবে-
পুৰুষৰ ভূমিকা যিমান মহত্বপূৰ্ণ-
সিমানে মহত্বপূৰ্ণ নাৰীও…।।
মুঠতে স্ত্রী-পুৰুষ এক অন্যৰ পৰিপুৰক..
এজনৰ অৱিহনে-আনজনৰ জীৱন নিৰৰ্থক..।।
এই অৰ্ধনাৰীশ্বৰ অৱতাৰ ধাৰণ কৰি শিৱ বাবা’ই
সমাজ আৰু পৰিয়ালত-
নাৰী সকলেও যাতে-সমান প্ৰতিষ্ঠা লাভ কৰে…
কোনো-ভেদ-ভাৱ-নেথাকে…
তাকেই দৰ্শাৱ বিচাৰিছিল…।।।।
শিৱপুৰাণৰ মতে-
সৃষ্টিত প্ৰজাৰ বৃদ্ধি নোহোৱা দেখি
সৃষ্টি কৰ্তা ব্ৰহ্মা চিন্তিত হৈছিল….!!!
তেতিয়া এক আকাশবাণী হৈছিল-
আকাশবাণী শুনি-
ব্ৰহ্মাই-মৈথুনী সৃষ্টি’ৰ উতপন্হৰ সংকল্প ললে..
কিন্তু তেতিয়া লৈকে শিৱ’ৰ পৰা-নাৰীৰ কুল উত্তপন্ন হোৱা নাছিল…।
তেতিয়া ব্ৰহ্মাই শিৱ’ৰ লগতে-শিৱৰ ভিতৰত
অন্তনিহিত-দেৱী শক্তিক-সন্তষ্ট কৰিবলৈ তপস্যা কৰিলে… #ব্ৰহ্মাৰ তপস্যাত সন্তষ্ট হৈ-
পৰমাত্মা শিৱ’ই-অৰ্ধনাৰীশ্বৰ ৰূপ ধাৰণ কৰি-
ব্ৰহ্মাৰ সন্মুখত প্ৰকট হল…
আৰু নিজৰ শৰীৰত স্হিত-দেৱী শক্তিৰ অংশক
পৃথক কৰি দিলে…
ব্ৰহ্মাই সেই দেৱী শক্তিক স্তুতি কৰিলে-
ব্ৰহ্মাৰ স্তুতিত সন্তষ্ট হৈ-
দেৱী শক্তিয়ে নিজৰ-ক্ৰুতিৰ মাজৰ পৰা-
আন এক ক্লান্তিময়-“শক্তিৰ সৃষ্টি কৰিলে “।
যি দক্ষ ৰজা ঘৰত গৈ-কন্যাৰূপে জন্ম ললে..
আৰু নাম হল-” সতী”…. (কথাখিনি সংগ্ৰহিত)