বিবাহ মানুহৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। বিবাহৰ মাজেৰে জীৱনে লাভ কৰে পৰিপূৰ্ণতা। কিন্তু এই বিবাহে সুখৰ দৰে মাতি আনিব পাৰে দুখো। বিবৱাহৰ মাজেৰে সুখী হোৱাটো কেতিয়াবা সম্ভৱ নহয়। হাজাৰ হাজাৰ সমস্যা আহি পৰে সাংসাৰিক জীৱনত। ইয়াৰ মাজত এনে কিছু সমস্যা আছে, যিবোৰ নিজৰ ভুলৰ বাবেই সৃষ্টি হয়। এই সম্পৰ্কৰ প্ৰসংগত ভাৰতৰ প্ৰাচীন মনীষী চাণক্যৰো আছে মত। কিয় এনে হয় তাৰ ব্যাখ্যা দাঙি ধৰিছে তেওঁ এনেদৰে-
বৈবাহিক সম্পৰ্ক কিয় ভাঙে-
১) যিসকল পুৰুষ আৰু মহিলাৰ চৰিত্ৰৰ ওপৰত প্ৰশ্নবোধক চিহ্ন আছে আৰু তেওঁলোক প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি অনুগত হয়। কোনো বৈবাহিক সম্পৰ্ক এনেধৰণৰ ঘটনাই বজাই ৰাখিব নোৱাৰে।
২) আপোনাৰ সঙ্গীৰ ব্যক্তিগত জীৱনত অত্যধিক হস্তক্ষেপ বা অত্যধিক অধিকাৰবোধে সম্পৰ্ক নষ্ট কৰে।
৩) সম্পৰ্কৰ মুখ্য শৃংখলা হৈছে ইজনে সিজনৰ প্ৰতি দেখুওৱা সন্মান। যদি এই সন্মান নাথাকে, আৰু ইজনে সিজনক ৰাজহুৱাভাৱে অপমান কৰে। তেনেহ’লে সম্পৰ্কৰ ম্যাদ যথেষ্ট কম হয়।
৪) যিসকলে দায়িত্ব পাহৰি যায় আৰু ধনৰ পিছত দৌৰে আৰু তেওঁলোকৰ জীৱনশৈলী প্ৰদৰ্শন কৰাত ব্যস্ত থাকে, তেওঁলোকৰ বাবে এয়া নিশ্চিতভাৱে এক অশনি সংকেত।
৫) ইজনে সিজনক সময় দিব নোৱাৰিলেও সেই সম্পৰ্ক বেছি দিন স্থায়ী নহয়।
৬) স্বামী-স্ত্ৰীৰ নিজৰ মাজতে প্ৰতিযোগিতা হোৱা আৰু নিজৰ মাজত পাৰদৰ্শিতা বা বংশৰ তুলনা কৰিলে বুজিব লাগিব যে আৰু কোনো প্ৰেমৰ সম্পৰ্ক নাই। আছে কেৱল দায়বদ্ধতাহে। আৰু এয়া সম্পৰ্ক ভঙাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।
সম্পৰ্ক এটা স্থায়ী কৰাৰ বাবে এই বিষয় অত্যধিক সচেতন হোৱা দৰকাৰ। বৈবাহিক জীৱন স্থায়ী নোহোৱা কাৰণবোৰ উপলব্ধি কৰি এই দিশত সাৱধান হলে সংসাৰ সুখৰ বাটেৰে আগবঢ়াটো নিশ্চিত।