অত্যাধিক স্মাৰ্ট ফোন প্ৰীতিয়ে কিদৰে আপোনাৰ জীৱনলৈও আহ্বান কৰিব পাৰে অনাকাংক্ষিত বিপদক

1 min read

ইণ্টাৰনেটত উপলব্ধ আসক্তিৰে আপুনিও মগন হৈছে নেকি এখন ৰূপকল্পৰ জগতত..???যাৰ প্ৰতিফলৰূপে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি নিদ্ৰাদেৱীৰ বুকুত বিলীন হোৱালৈ সংগ লৈছে স্মাৰ্ট ফোনটোৰ।
বৰ্তমানৰ যুগত সময় সঞ্চয়,অৰ্থনৈতিক অনগ্ৰসৰতা,এলাৰ্ম আদি বিভিন্ন কাৰণত বহুলোকে মোবাইল ফোনটো নিজৰ গাৰুৰ তলত বা মূৰৰ শিতানত পৰ্যন্ত ৰাখিবলৈ কুণ্ঠাবোধ নকৰে।কিন্তু সেইয়া কিমানদূৰ গ্ৰহণযোগ্য এবাৰ ভাবিছে নে…???
বিশ্ব স্বাস্থ্য সংস্থাৰ মত অনুসৰি আপুনি বা আমাৰ সকলোৰে অজ্ঞাতে “ভাৰ্চুৱেলি এভেলেৱল” মোবাইল ফোনটোৱে বিৰামহীন ভাবে এক ক্ষতিকাৰক বিকিৰণ নিৰ্গত কৰি থাকে।যাৰ প্ৰভাৱ আমাৰ মানসিক দিশত পৰাৰ লগতে অত্যাধিক ব্যৱহাৰে মূৰৰ বিষ,পেশীৰ বিষ লগতে বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰা দেখা যায়।তদুপৰি ভাৰতৰ বিজ্ঞানী নৰেশ পান্তাই আমেৰিকাৰ এখনত সন্মিলনত পাঠ কৰা প্ৰতিবেদন অনুসৰি যিবোৰ লোকে চাৰিবছৰ ধৰি দিনটোৰ ভিতৰত কমেও এঘণ্টা মোবাইলত কথোপকথন কৰিছে তেওঁলোকৰ শ্ৰৱণ সমস্যাই গা কৰি উঠা পৰিলক্ষিত হয়।
বিশ্বায়নৰ সূচনা কৰা মোবাইল ফোনটো কিয় হব পাৰে ইমান ভয়ংকৰ ,
জানো আহক ইয়াৰ সবিশেষ-মোবাইল ফোনটো প্ৰস্তুত কৰা সময়তে ওলোৱা তথ্য অনুসৰি ই ৰেডিয়েচন ইৰেক্টিল ডিছফাংচনৰ সৈতে সংলগ্ন।তদুপৰি মোবাইলৰ পৰা ওলোৱা নীলা পোহৰে আমাৰ টোপনিৰ হৰম’নৰ ক্ষতি কৰে।যাক এটা শব্দত কোৱা হয় মেলাটনিক।মেলাটনিকে আমাৰ শৰীৰত বিসংগতিৰ আৰম্ভ কৰাৰ লগতে টোপনিত ব্যাঘাত সৃষ্টি কৰাও দেখা যায়।
বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰা মত অনুসৰি মোবাইল ফোনৰ লগত জড়িত ৰেডিঅ’ ফ্ৰিকুৱেন্সি ইলেক্ট্ৰ’-মেগনেটিক
শক্তি,চমুকৈ আৰ এফ ৰেডিয়চন হৈছে কৰ্কট ৰোগ সৃষ্টিৰ এক অন্যতম কাৰক।ইয়াৰ সমান্তৰাল ভাৱে জাৰ্মানীৰ গৱেষকৰ মত অনুসৰি ম’বাইল টাৱাৰ সংযোগী এন্টেনাৰ পৰা নিৰ্গত তৰংগই মানৱ দেহৰ তেজত থকা মেলাটোমিন হৰম’নৰ পৰিমাণ কমাই আনে লগতে প্ৰকাশ কৰিছে যে ইয়াৰ পৰিমাণ ২৫-৩০ % হ্ৰাস হলে গৰ্ভস্থ শিশুৰ জিনৰ বিকৃতি হোৱাৰ সম্ভাবনা থাকে। এনে বিকিৰণ স্নায়ু ৰোগীৰ পক্ষেও গ্ৰহণযোগ্য নহয় বুলি গৱেষকসকলে মত প্ৰকাশ কৰিছে।
স্মাৰ্ট ফোনটোৰ স্মাৰ্ট ব্যৱহাৰৰ দ্বাৰা কিদৰে মেলাটনিকৰ উপদ্ৰৱৰ পৰা হাত সৰা সম্ভৱ..???
অতি সহজ ভাষাত মোবাইল ফোনৰ ব্যৱহাৰ সীমিত কৰাৰ উপৰিও ৰাতি শোৱাৰ সময়ত বিছনাৰ পৰা অতি কমেও তিনিফুট দূৰত ৰাখি মেলাটনিকৰ পৰা হাত সাৰিব পৰা যায়।তাৰ লগতে কম Specific Absorption  Rate (SAR) বা চমুকৈ SAR যুক্ত ফোন ব্যৱহাৰ কৰাটো আমাৰ বাবে অতি মঙ্গল।এলাৰ্ম দিবলৈ মোবাইল ফোনৰ পৰিবৰ্তে ঘড়ী ব্যৱহাৰ কৰাৰ লগতে কিতাপ পঢ়া অভ্যাস পুনৰ গঢ় দিলে ভৱিষ্যতত আহিবলগীয়া বিপদৰ পৰা আমি অতি সহজে মুক্ত হব পাৰো।যদিহে ৰাতি দেৰিলৈকে মোবাইল ফোন ব্যৱহাৰ কৰাৰ প্ৰয়োজন হয় তেতিয়া হলে ব্ৰাইতনেছ কম কৰাৰ লগতে ব্লুলাইট ফিল্টাৰ ইনষ্টল কৰাটো অতি দৰকাৰী।
আমাৰ ব্যৱহাৰযোগ্য সকলো সামগ্ৰীৰে ভাল আৰু বেয়া দুটাকৈ দিশ প্ৰস্তুত কৰণৰ সময়তে বান্ধি দিয়া হয়।সেয়েহে অত্যাধুনিক বিশ্বৰ প্ৰতিটো নাগৰিকেই নিজৰ স্মাৰ্ট ফোনটোৰ লগতে ইয়াৰ স্মাৰ্ট ব্যৱহাৰৰ দ্বাৰা হে ৰেডিয়েচনৰ সাগৰৰ
অতি সহজে নিজক মুক্ত কৰিব পাৰে।

You May Also Like

More From Author