ভ্ৰমণৰ সময়ত বমি হয় নেকি?… জানি লওক আপোনাৰ লগত কিয় এনে হয়!

1 min read

বহু লোকৰ যাত্ৰাৰ সময়ত বমিৰ সমস্যা হয়। ইয়াৰ ফলত বমি কৰা ব্যক্তিজনৰ লগতে আন যাত্ৰীসকলৰ অসুবিধাৰ সৃষ্টি হয়। বহু সময়ত কেৱল যাত্ৰাৰ সময়তে নহয়, তিনি-চাৰিদিনলৈ মূৰ ঘূৰোৱা, অস্থিৰতা, বমি বা বমিৰ দৰে সমস্যাও দেখা দিয়ে। আপুনি হয়তো ভ্ৰমণৰ সময়ত বহুতে এই সমস্যাৰ সৈতে যুঁজি থকাও দেখিছে, কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে এনেকুৱা কিয় হয়? ভ্ৰমণৰ সময়ত মানুহে বমি কিয় কৰে? এইটো কিয় হয় জানো আহক…

ভ্ৰমণৰ সময়ত বমি কিয় আহে?

গাড়ী চলাওঁতে যদি আপুনিও বমি কৰে তেন্তে আতংকিত নহ’ব! ই কোনো ধৰণৰ ৰোগ নহয়। ভ্ৰমণৰ সময়ত বমি হ’লে Motion Sickness Symptoms বুলি কোৱা হয়। Motion মানে গতি আৰু Sickness মানে ৰোগ, যিটো গতিৰ ফলত সৃষ্টি হোৱা সমস্যা। ই কোনো ৰোগ নহয় কিন্তু ই এনে এক অৱস্থা য’ত মগজুৱে আমাৰ চকু, কাণ আৰু ছালৰ পৰা বিভিন্ন সংকেত লাভ কৰে। যাৰ বাবে আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বিভ্ৰান্ত হৈ পৰে।

বমি অনাত আমাৰ পেট নহয়, চকু আৰু মগজুৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমাৰ দৃষ্টিত গাড়ীৰ ভিতৰৰ আসনখন, চাৰিওফালে থকা যাত্ৰীসকল সকলো যেন নিজৰ নিজৰ ঠাইত সুস্থিৰ হৈ আছে। ইয়াৰ অৰ্থ হ’ল বাহিৰলৈ নাচালে দেখা যায় যে একোৱেই লৰচৰ কৰা নাই। আনহাতে কাণে এই গতি অনুভৱ কৰে। কাণত থকা তৰল পদাৰ্থই শাৰীৰিক ভাৰসাম্য ৰক্ষা কৰাত ডাঙৰ ভূমিকা পালন কৰে। শৰীৰ গতিশীল হোৱাৰ লগে লগে এই তৰল পদাৰ্থই মগজুলৈ অবিৰতভাৱে সংকেত প্ৰদান কৰে। আনহাতে, চকুৱেও মগজুলৈ বিভিন্ন সংকেত প্ৰেৰণ কৰে।

এই সকলোবোৰ সংকেতত মনটো বিভ্ৰান্ত হৈ পৰে। এনে অৱস্থাত মগজুৱে ইয়াক বিঘিনিৰ বাৰ্তা বা যিকোনো বিষৰ পাৰ্শ্বক্ৰিয়া বুলি গণ্য কৰি শৰীৰত উপস্থিত বমি কেন্দ্ৰক বমি কৰিবলৈ নিৰ্দেশ দিয়ে। এইদৰে সমন্বয় ঠিক নহ’লেই মানুহৰ বমি হয়।

বমি নহাৰ কিটিপঃ

যদি আপোনাৰ মোচন ছিকনেছৰ সমস্যা আছে, তেন্তে পিছলৈ হেলান দি বহি নাথাকিব। আপুনি সন্মুখত বহিব আৰু মোবাইল-বুক আদিৰ পৰা চকু আতৰাই খিৰিকীৰ বাহিৰলৈ চকু ৰাখিব। এনে কৰিলে আপোনাৰ চকুৱে গতিটো স্পষ্টকৈ দেখিব আৰু কাণ-চকুৰ মাজত সমন্বয় ঘটিব।

You May Also Like

More From Author