আপুনিও ব্যৱহাৰ কৰে নেকি জন্ম নিৰোধক পিল? সাৱধান হওক

1 min read

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা নতুন অধ্যয়নে কিছুমান প্ৰকাৰৰ জন্ম নিয়ন্ত্ৰণ বড়ি (birth control pills)ৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। যিসকলে এইসমূহ গৰ্ভনিৰোধক (contraception) গ্ৰহণ কৰে তেওঁলোকৰ হৰমন (hormones)ৰ পৰিমাণ এই পিল ব্যৱহাৰ নকৰা মহিলাৰ তুলনাত যথেষ্ট বেছি হয়।

অধ্যয়নটোত ডিম্বাশয় (ovaries)ৰ দ্বাৰা উৎপন্ন হোৱা আৰু ঋতুস্ৰাৱ (menstrual cycle)ৰ সময়ত প্ৰাকৃতিকভাৱে পৃথক হোৱা সময়ত মহিলাৰ প্ৰজেষ্টেৰন (progesterone) আৰু এষ্ট্ৰোজেন (estrogen)ৰ স্তৰ চোৱা হৈছিল।

যিসকল মহিলাই গৰ্ভনিৰোধক পিল গ্ৰহণ কৰে তেওঁলোকৰ দেহত গৰ্ভধাৰণ (pregnancy) প্ৰতিৰোধ কৰাৰ বাবে প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা হৰমনবোৰ সংশ্লেষিত অৰ্থাৎ ছিন্থেটিক (synthetic hormone)হৰমনৰ দ্বাৰা সলনি কৰা হয়। এই প্ৰক্ৰিয়াত প্ৰজেষ্টেৰনৰ ঠাইত প্ৰজেষ্টিন (progestin), আৰু এষ্ট্ৰোজেনৰ ঠাইত এথিনাইল এষ্ট্ৰেডিঅ’ল (ethinyl estradiol)ৰ সৃষ্টি হয়।

পূৰ্বৱৰ্তী প্ৰমাণে ইতিমধ্যে দেখুৱাইছে যে প্ৰাকৃতিক হৰমন ছিন্থেটিক হৰমনৰ সংস্পৰ্শলৈ আহিলে স্তন কৰ্কট (breast cancer) ৰোগৰ আশংকা বাঢ়িব পাৰে। যি হৈছে আমেৰিকান মহিলা (American women)ৰ বাবে আটাইতকৈ সচৰাচৰ প্ৰকাৰৰ কৰ্কট ৰোগ।

মিচাগান বিশ্ববিদ্যালয় (University of Michigan)ৰ গৱেষকৰ এটা দলে একাংশ মহিলাৰ ওপৰত ১২ প্ৰকাৰৰ ভিন ভিন পৰীক্ষা কৰিছিল। সচৰাচৰ পৰামৰ্ৰশ দিয়া ৭ প্ৰকাৰৰ গৰ্ভনিৰোধক পিল ব্যৱহাৰ কৰা আৰু এই পিল ব্যৱহাৰ নকৰা মহিলাৰ মাজত গৱেষণা কৰা হৈছিল। ইয়াৰে চাৰিটা পিলত প্ৰজেষ্টিনৰ এক্সপোজাৰ চাৰিগুণ আৰু আন এটা পিলত থিনাইল এষ্ট্ৰেডিঅ’লৰ এক্সপোজাৰ ৪০ শতাংশ অধিক পোৱা গৈছিল।

অধ্যয়নটোৰ মুখ্য লেখক, মানৱ বিৱৰ্তনবাদী জীৱবিজ্ঞানী বেভাৰ্লি ষ্ট্ৰাছমেনে জোৰ দি কৈছে যে জন্ম নিয়ন্ত্ৰণে মহিলাৰ জীৱন যথেষ্ট উন্নত কৰিছে হয়, কিন্তু লগতে এনেধৰণৰ জন্ম নিয়ন্ত্ৰণ পিল তৈয়াৰ কৰাটো গুৰুত্বপূৰ্ণ যি স্তন কৰ্কট ৰোগৰ বিপদাশংকা সৃষ্টি নকৰে।

You May Also Like

More From Author