শিৱসাগৰ বকতা নেমুগুৰিৰ এজন উচ্চশিক্ষিত যুৱক। যুৱকজনৰ নাম পংকজ ৰাইদঙীয়া। এই যুৱকজনৰ হাতৰ পৰশত প্ৰাণ পাই উঠে বাঁহ কাঠ বা বেতৰ পেলনীয়া অংশই। বাঁহ কাঠৰ পেলনীয়া অংশৰ পৰাই যুৱকজনে তৈয়াৰ কৰি উলিয়ায় ভাস্কৰ্য অথবা মনোমোহা সামগ্ৰী। অসমীয়া জাতীয় জীৱনৰ লগত জড়িত যান্ত্ৰিকতাৰ যুগত লাহে লাহে হেৰাই যাবলৈ ধৰা কৃষি কাৰ্যত ব্যৱহৃত সা সজুঁলি পৰা আৰম্ভ কৰি মৎস্য চিকাৰৰ বিভিন্ন সজুঁলি আদি লঘু আকাৰত তৈয়াৰ কৰি বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
বাংগালোৰৰ চাকৰি এৰি আহি অসমতে থাকি নিজৰ সৃষ্টিশীলতাৰে অসমৰ নাঙল যুৱলি তাঁতশাল জাপিটোক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনাকি কৰাই দিবলৈ সপোন পুহি ৰাখি তেওঁ প্ৰাৰম্ভ নামৰ এটা প্ৰতিষ্ঠান ও গঢ়ি তুলিছে। যুৱকজনৰ এই প্ৰচেষ্টাক প্ৰকৃত অসমীয়াগিৰি বুলি অভিহিত কৰিছে বহু জনে।
নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট