মহাদেৱৰ প্ৰিয় এই কেইবিধ ফুল

1 min read

ভগৱান শিৱৰ পূজা কৰোতে আমি শিৱ লিংগত গখীৰ,জল,বেলপাট আদিৰ ওপৰি ফুলও নিশ্চয় অৰ্পণ কৰো।

মান্যতা আছে যে শিৱলিংগত সকলো ধৰনৰ ফুল আগ বঢ়োৱা নহয়,বিশেষকৈ ৰঙা ৰঙৰ ফুল শিৱ লিংগত কেতিয়াও দিব নেপায় বুলি কয়।আজি আমি আপোনালোকক এনে ৬ বিধ ফুলৰ নাম কম যিবোৰ ফুল মহদেৱৰ খোবেই প্ৰিয়।গতিকে এতিয়া জানো আহক সেই ফুল ৬ বিধৰ বিষয়ে-

১/শিৱ পূজাত নীলা পদুম ব্যৱহাৰ কৰা হয়। বগা বা গুলপীয়া পদুম ব্যৱহাৰ কৰা নহয়। নীলা পদুম সহজতে পোৱা নাযায়। ই এক দুষ্প্রাপ্য ফুল। অসমত বিশেষভাৱে পোৱা নাযায়। কিন্তু বাকী ৰংৰ পদুম ফুল শিৱৰ পূজাত ব্যৱহাৰ কৰা নহয়। মহাদেৱে এটা সময়ত বিষ পান কৰিছিল। যাৰ বাবে মহাদেৱৰ কন্ঠ নীলা। সেইবাবে ভগৱান শিৱক নীলকণ্ঠ বোলা হয়। সেয়হে মহাদেৱৰ পূজাত বিশেষভাৱে নীলা পদুম ব্যৱহাৰ কৰা হয়।

২/শিৱ পূজাত ব্যৱহাৰ কৰা হয় কৰৱীফুল। কৰৱীফুল বিভিন্ন ৰংৰ থাকে। বগা ৰংৰ কৰৱীফুলহে শিৱ পূজাত ব্যৱহাৰ কৰা হয় বা শিৱ লিংগত দিয়া হয়। ৰঙা বা হালধীয়া ৰংৰ ফুল শিৱ পূজাত দিয়া নহয়।

৩/শিৱ পূজাত বগা ৰংৰ চম্পা ফুল, বিশেষ ভাৱে শিৱ পূজাত বা শিৱ লিংগত দিয়া ফুল।

৪/কেতেকী ফুল : আমাৰ গাওঁ অঞ্চলত কেতেকী ফুল পোৱা যায়। অত্যন্ত সুগন্ধি কেতেকী ফুল মা পাৰ্ৱতীৰ প্ৰিয় ফুল। আৰু সেইবাবে মহাদেৱৰ পূজাত কেতেকী ফুল ব্যৱহাৰ কৰা হয়।

৫/ধতুৰা ফুল : এই ফুল মহাদেৱৰ অতিকে প্ৰিয় ফুল। ধতুৰা ফুল দুই ধৰণৰ পোৱা যায়। এবিধ হৈছে বেঙুনীয়া সামান্য নীলা ধৰণৰ আৰু আনবিধ বগা। দুয়োবিধকে মহাদেৱৰ পূজাত বা শিৱ লিংগত দিয়া হয়। বগাবিধ বেছি ভাল। যদি বগা পোৱা নাযায় তেতিয়া বেঙুনীয়া ধতুৰা ফুলকে মহাদেৱৰ পূজাত ব্যৱহাৰ কৰা হয়।

৬/

নীলা অপৰাজিতাৰ ফুল : এই ফুল প্ৰায়ে সকলোৰে ঘৰতে থাকে। এই নীলা ৰংৰ অপৰাজিতা ফুলক শিৱ পূজা বা শিৱ লিংগত দিয়া হয়।

৭/খৰিজাকাই ফুল।

অকল এইকেবিধ ফুলকে নহয়,

আপুনি যি কোনো বগা ফুল শিৱ পূজাত ব্যৱহাৰ কৰিব পাৰে বা শিৱ লিংগত দিব পাৰে।

(কথাখিনি অসমীয়া বাস্তু শাস্ত্ৰৰপৰা সংগ্ৰহিত)।

You May Also Like

More From Author