সম্পত্তিৰ অধিষ্টাত্ৰী মা-লক্ষ্মীৰ আশীষ লাভৰ উদ্দেশ্যৰে নাৰীৰ কৰণীয়

1 min read

এগৰাকী নাৰীৰ কাম কাজে এখন ঘৰক স্বৰ্গসুখ প্ৰদান কৰে বুলি আমি অতীজৰে পৰা শুনি আহিছোঁ। তাৰ উপৰিও নাৰীৰ সাদৰী লক্ষণেও এই দিশত ধনাত্মকভাবে সহায় কৰাও দেখা যায়।
লক্ষ্মীদেৱীৰ কৃপা দৃষ্টিৰ বাবে নাৰীৰ কিছু কৰণীয় এনেধৰণৰ-

শাস্ত্ৰত উল্লেখ কৰা অনুসৰি প্ৰভাতত শোৱাপাটী এৰি যোগ আৰু প্রানায়ামৰ সংগী হলে এগৰাকী নাৰী সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ লগতে সৌন্দৰ্যৰ অধিকাৰী হব পাৰে ।তদুপৰি যোগ প্রানায়ামে মন -মগজুক স্থিৰ কৰাৰ লগতে নাৰী গৰাকীক মানসিক অৱস্থা শক্তিশালী কৰি চোকা বুদ্ধিৰ অধিকাৰী কৰি তোলে।
সূৰ্য্য উদয়ৰ আগতে গা-ধুই সপ্তাহৰ ৬দিন(ৰবিবাৰক বাদ দি) তুলসীক পূজা কৰিলে ইতিবাচক চিন্তাৰ গৰাকী হোৱাৰ উপৰিও নাৰীয়ে নিজকে দায়িত্বশীল ৰূপে গঢ় দিব পাৰে।
তুলসীৰ জল অৰ্পনৰ পিছতে বিশেষকৈ পৰিয়ালৰ অন্নপূৰ্ণা ওচৰলৈ অহা নাৰী গৰাকীয়ে কেতিয়াও গা-নোধোৱাকৈ ৰান্ধনীঘৰত প্ৰৱেশ কৰিব নালাগে।কাৰণ তেনে কৰিলে লক্ষ্মী দেৱী অসন্তুষ্ট হয়।
গো-সেৱাই ৩৩কোটি দেৱতাৰ আশীষ যাচে।সেয়েহে নাৰীয়ে প্ৰতি প্ৰথম খাদ্য ৰুটি গো-মাতাৰ নামত উচৰ্গা কৰিব লাগে।কাৰণ গো-সেৱাই আঁতৰ কৰে বুলিও পুৰাণত পোৱা যায়।
নাৰী এগৰাকীক যিহেতু এখন ঘৰৰ অন্নপূৰ্ণা দেৱীৰ স্বৰূপ বুলি ধৰা হয় সেয়েহে খাদ্যৰ যাতে অপচয় নহয় তাৰ প্ৰতি গুৰুত্ব দিয়া অতি দৰকাৰ।কাৰণ খাদ্যৰ অপচয়ে পৰিয়ালত দৰিদ্ৰতাক আমন্ত্ৰণ দিয়ে বুলি কোৱা যায়।
প্ৰভাতত লোৱা জ্যেষ্ঠজনৰ আশীৰ্বাদৰ শক্তি অপৰিসীম বুলি জনা যায়।জ্যেষ্ঠজনৰ আৰ্শীবাদে অনুজসকলক অলেখ শক্তিৰ অধিকাৰী কৰি তোলে।
পৰিয়ালৰ ক্লেশত মা-লক্ষ্মী খং উঠিব পাৰে।সেয়েহে তেনে কাম সোনকালে পৰিহাৰ কৰা প্ৰয়োজন।
সদৌ শেষত সন্ধিয়াৰ এগছি চাকি বা আৰতিৰ লক্ষ্মী দেৱীক সুপ্ৰসন্ন কৰিব পাৰি বুলি জনা যায়।

You May Also Like

More From Author