২৬ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে কিয় ত্ৰিৰংগা উত্তোলন নকৰে? ১০০% মানুহেই নাজানে কাৰণ…

1 min read

আপোনাৰ মনত কেতিয়াবা এটা প্ৰশ্ন আহিছেনে যে ১৫ আগষ্টত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে, কিন্তু ২৬ জানুৱাৰীত গণৰাজ্য দিৱসত পতাকা উত্তোলন নকৰে কিয়? কিয় এই দিনটোত প্ৰধানমন্ত্ৰীৰ সলনি ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলন কৰে? যদি আপুনি এই বিষয়ে নাজানে, তেন্তে ইয়াৰ আঁৰৰ কাৰণ জানি লওক-

ভাৰতে এইবাৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিবলৈ ওলাইছে। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধান বলবৎ হোৱাৰ স্মৃতিত এই দিৱস পালন কৰা হয়। ১৯৫০ চনৰ সংবিধান প্ৰণয়নৰ লগে লগে দেশখন আনুষ্ঠানিকভাৱে ভাৰতীয় গণৰাজ্য হিচাপে পৰিচিত হয়। এই দিনটোত ৰাজধানী দিল্লীৰ কৰ্তব্য পথত বিশাল পেৰেডৰ আয়োজন কৰা হয় আৰু সাংবিধানিক প্ৰধান ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলন কৰে।

প্ৰধানমন্ত্ৰীয়ে কিয় উত্তোলন নকৰে ত্ৰিৰংগা ?

১৯৪৭ চনৰ ১৫ আগষ্টত যেতিয়া আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল, তেতিয়া সংবিধান নথকাৰ বাবে ভাৰতৰ মুৰব্বী আছিল প্ৰধানমন্ত্ৰী। এই দিনটোতে প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰথমবাৰৰ বাবে লালকিল্লাত পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰিছিল। তেতিয়াৰ পৰাই ১৫ আগষ্টত প্ৰধানমন্ত্ৰীয়ে সদায় লালকিল্লাৰ পৰা পতাকা উত্তোলন কৰে। একে সময়তে ১৯৫০ চনৰ ২৬ জানুৱাৰীত ড° ৰাজেন্দ্ৰ প্ৰসাদ ৰাষ্ট্ৰপতি হয় আৰু ৰাষ্ট্ৰপতিগৰাকীক দেশৰ প্ৰথম নাগৰিক হিচাপে গণ্য কৰা হয়। এই কাৰণেই তেতিয়াৰ পৰা এতিয়ালৈকে ৰাষ্ট্ৰপতিয়ে ২৬ জানুৱাৰীত ত্ৰিৰংগা উত্তোলন কৰে।

উল্লেখ্য যে ভাৰতত এই বিশেষ দিন দুটা অৰ্থাৎ ২৬ জানুৱাৰী আৰু ১৫ আগষ্টতহে ত্ৰিৰংগা উত্তোলন কৰা হয়। ইয়াৰোপৰি স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত পতাকা উত্তোলনৰ মাজতো আছে পাৰ্থক্য। স্বাধীনতা দিৱস উপলক্ষে পতাকাখন তলৰ পৰা ৰছীৰে টানি ওপৰলৈ লৈ যোৱা হয়, তাৰ পিছত মেলি দি উত্তোলন কৰা হয়। ইয়াক পতাকা উত্তোলন বোলা হয়। আনহাতে গণৰাজ্য দিৱসৰ দিনা পতাকাখন ওপৰত বান্ধি থোৱা থাকে, যিখন পতাকা মেলি উত্তোলন কৰা হয়। সংবিধানত ইয়াক পতাকা উৰুৱা (Flag Unfurling) বুলি কোৱা হয়।

You May Also Like

More From Author