আঙুলিৰে নাক খজুৱাই নেকি? শীঘ্ৰে এই কুভ্যাস পৰিত্যাগ কৰক…

0 min read

আপুনি বাৰু নাক খজুৱাই থাকে নেকি? এইটো বদ অভ্যাস৷

ই দেখিবলৈ যিমান বেয়া, কামটো কৰিলেও তাৰ বহুগুণে ক্ষতিকাৰক৷

নাকৰ ভিতৰখন বৰ কোমল আৰু সংবেদনশীল৷

ইয়াৰ ভিতৰত বহু সিৰা, উপসিৰা আৰু স্নায়ু আছে৷

নাকৰ ভিতৰত বায়ু প্রদূষণ এলার্জী আৰু বেক্টেৰিয়া বা ভেঁকুৰজাতীয় ইনফেকচন থাকিলে পিৰপিৰাই থাকিব পাৰে৷ ফলত নাকৰ ভিতৰত আঙুলি ভৰাই শুকান আৱৰণীবোৰ এৰুৱাই থকা অভ্যাস হয়৷

এনে অভ্যাসৰ ফলত নাকৰ ইনফেকচন বাঢ়ি যায় আৰু নাকৰ তেজ–পূঁজ ওলোৱাৰ দৰে গুৰুতৰ সমস্যা হ’ব পাৰে৷ নাকৰ ভিতৰত ভেছলিন জাতীয় জেলী ব্যৱহাৰ কৰিলে নিউকাচ আৱৰণী শুকাই ছাল এৰাই যোৱা সমস্যা সমাধান কৰিব পাৰি৷

লগতে নাকত আঙুলি ভৰোৱা কুভ্যাস সজ্ঞানে পৰিত্যাগ কৰিবলৈ চেষ্টা কৰা উচিত৷

You May Also Like

More From Author