আইনী বাধাৰ মাজতেই পৰম্পৰা ৰক্ষাৰ বাবে অনুষ্ঠিত হ’ল ম’হ যুঁজ…

1 min read

এফালে পৰম্পৰা ৰক্ষাৰ যুঁজ, আনফালে ন্যায়ালয়ৰ বাধা। ইয়াৰ মাজতেই নগাঁৱৰ গোমোঠা গাঁৱত পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ’ল ম’হ যুঁজ।

ভোগালী বিহু বুলি ক’লেই সাধাৰণতে চৰ্চিত হৈ পৰে ম’হ যুঁজৰ প্ৰসংগ। এইবাৰো প্ৰতি বছৰৰ দৰে নগাঁৱৰ গোমোঠা গাঁৱৰ কৰণ কুমাৰ নেওঁগ সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হ’ল ৪৪তম ম’হ যুঁজ।

বোপা ককা দিনৰ পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ গোমোঠা গাঁৱত অনুষ্ঠিত ম’হ যুঁজত কেইবাহালো গুনা ম’হে যুঁজ কৰে । আনহাতে কৰণ কুমাৰ নেওঁগ সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত ম’হ যুঁজখন আৰম্ভ কৰে এটি বিহু নৃত্যৰে।

নগাঁৱৰ গোমোঠা গাঁৱৰ পথাৰত বহু বছৰ ধৰি এই পৰম্পৰা ৰক্ষা কৰি ম’হৰ যুঁজ অনুষ্ঠিত কৰি আহিছে। উল্লেখ্য যে, জন বিশ্বাস অনুসৰি মাঘত ম’হৰ শিঙত যি পোকৰ সৃষ্টি হয় তাক যুঁজৰ মাজেৰে নাশ কৰিবৰ বাবেই ম’হ গোৱালসকলে পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰে ম’হযুঁজ ।

আনফালে এই ম’হৰ যুঁজ প্ৰত্যক্ষ কৰিবলৈ জীয়ৰী-বোৱৰী, যুৱকৰ লগতে বৃদ্ধ ককা-আইতা ভিৰ কৰে পথাৰখনত।

You May Also Like

More From Author