আপোনাৰ শিশুটিয়ে আকস্মিকভাৱে শ্বাস-প্ৰশ্বাসত কষ্ট পাইছেনে নেকি? শিশুৱে সাধাৰণতে এলাৰ্জি আৰু এজ্মাজনিত সমস্যাত ভুগিলে শ্বাস-প্ৰশ্বাসত কষ্ট পাব পাৰে৷ আনহাতে সামান্য জ্বৰ উঠাৰ বাবেও শ্বাস-প্ৰশ্বাসত কষ্ট পাব পাৰে শিশুটিয়ে৷ আনহাতে নিউমোনিয়াত ভুগিলেও শিশুটিয়ে উশাহ-নিশাহ লোৱাত কষ্ট পাব পাৰে৷ শিশুৰ হঠাৎ শ্বাস কষ্ট হ’লে চিকিৎসকৰ ওচৰলৈ যোৱাৰ পূৰ্বে আপুনি ঘৰতে কেইটামান সাৱধানতা অৱলম্বন কৰিব লাগে৷ জানক কি কি সাৱধানতা ল’ব লাগে–
◾বিশেষজ্ঞ চিকিৎসকসকলে দিয়া পৰামৰ্শ অনুসৰি প্ৰথমেই শিশুৰ এলাৰ্জি বা এজ্মাজনিত সমস্যাৰ পৰা ৰক্ষাপাবলৈ ধূলি-বালি মুক্ত স্থানত ৰাখিব লাগে৷
◾জ্বৰৰ কাৰণে শিশুটিয়ে উশাহ-নিশাহত কষ্ট পাব পাৰে৷ সেয়ে শিশুৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাটো অতি জৰুৰী৷ তাপমাত্ৰা নিয়ন্ত্ৰণৰ কাৰণে স্পাউঞ্জিং বা পেৰাচিটামল দিব পাৰে৷ ঔষধৰ দোকানত শিশুৰ কাৰণেও লিকুইড অৱস্থাত পেৰাচিটামল পোৱা যায়৷
◾শিশুৱে উশাহ-নিশাহত কষ্ট পোৱাৰ আন এক কাৰক হ’ল নিউমোনিয়া৷ নিউমোনিয়াত ভুগিলে শিশুৱে উশাহ-নিশাহত যথেষ্ট কষ্ট পায় আৰু উশাহ-নিশাহ ঘন হয়৷ তেতিয়া শিশুটিৰ জ্বৰ উঠিব পাৰে, কাহ আহিব পাৰে বা অনেক সময়ত দেখা যায় মূৰৰ তালু গৰম হয়৷
◾অনেক সময়ত দেখা যায় শিশুৱে খেলি থাকোতে শ্বাসনলীত সৰু খেলনা বস্তু বা আন গোটাখাদ্য সামগ্ৰী সোমাই যাব পাৰে৷ তেতিয়া শিশুটিয়ে শ্বাস-প্ৰশ্বাসত কষ্ট হ’ব পাৰে৷ এই ক্ষেত্ৰত শিশুটিৰ ওপৰত দৃষ্টি ৰখাটো আপোনাৰ কৰ্তব্য৷
এই সকলো লক্ষণ দেখিলেই তৎক্ষণাৎ নিকটৱৰ্তী চিকিৎসালয়লৈ শিশুটিক লৈ যোৱাই হ’ব উত্তম উপায়৷