যদি আপুনি কোনো ব্যৱসায় কৰে বা ব্যৱসায়ৰ সৈতে জড়িত তেন্তে আপুনি প্ৰতিদিনে বৃহতসংখ্যক নগদ ধনৰ লেনদেন কৰিবলগীয়া হয়। এনে পৰিস্থিতিত আপুনি ভুৱা নোট পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। কাৰণ বহু সময়ত নগদ ধনৰ লগত এখন বা দুখন ভুৱা নোট আহে। এয়া কোনো নতুন ঘটনা নহয়!!!
যদি আপোনাৰ লগত যে এনেকুৱা একো হ’ব নালাগে, তেন্তে আজি আমি এনে এটা যন্ত্ৰৰ বিষয়ে কব উলাইছোঁ, যিয়ে চকুৰ পলকতে ভুৱা নোট ধৰা পেলাব পাৰে।
আমি আপোনালোকক কোৱা ডিভাইচটো আচলতে Fake Currency Detector Device নামৰ এটা UV লাইট ডিভাইচ। এই যন্ত্ৰটো আকাৰত সৰু। আপুনি এই ডিভাইচটো যিকোনো ঠাইলৈ লৈ যাব পাৰে আৰু ইয়াক টেবুল বা ডাঙৰ ডেস্কত ৰাখি ব্যৱহাৰ কৰিব পাৰে। এই ডিভাইচটোৱে আপোনাৰ বহু ধন ৰাহি কৰিব পাৰে আৰু আপোনাক বৃহৎ লোকচানৰ পৰা ৰক্ষা কৰিব পাৰে।
কি প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে এই ডিভাইচত ?
দৰাচলতে এই যন্ত্ৰটোত এক অতিবেঙুনীয়া পোহৰ ব্যৱহাৰ কৰা হয়, যিটো ভুৱা নোটত পৰিলেই সেই নোটৰ বাস্তৱতা উলাই আহে। মুদ্ৰাত অতিবেঙুনীয়া পোহৰ পৰিলেই নোটখন জিলিকিবলৈ আৰম্ভ কৰে আৰু আপুনি গম পাব পাৰে যে সেইটো আচল নে নকল ধন। যদি আপুনিও আপোনাৰ ক্ষুদ্ৰ ব্যৱসায় বা ঘৰৰ বাবে এটা ভুৱা মুদ্ৰা ডিটেক্টৰ ডিভাইচ কিনিব বিচাৰে, তেন্তে আপুনি মাত্ৰ ১৪৯৯ টকাতে আমাজনৰ দৰে অনলাইন শ্বপিং ৱেৱচাইটৰ পৰা ক্ৰয় কৰিব পাৰিব এই যন্ত্ৰটো।