অত্যাধিক দাইল খোৱাৰ ফলত হ’ব পৰা সমস্যাসমূহ

1 min read

যিসকলে নিৰামিষ আহাৰ গ্ৰহণ কৰে, তেওঁলোকৰ বাবে দাইল হৈছে প্ৰ’টিনৰ মুখ্য উৎস আৰু আহাৰ। দাইল শৰীৰৰ বাবে অতি উপকাৰী, ইয়াৰ জৰিয়তে বহুতো ৰোগৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰি। কিন্তু, কেতিয়াবা অত্যাধিক দাইল খোৱাৰ ফলতো স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

• অত্যাধিক দাইল খোৱাৰ ফলত হ’ব পৰা সমস্যাসমূহঃ ~ ওজন বৃদ্ধি হ’ব পাৰে ,যদি কোনোবাই নিৰ্ধাৰিত পৰিমাণতকৈ অধিক দাইল গ্ৰহণ কৰে, তেনেহ’লে শৰীৰৰ ওজন বৃদ্ধি হ’ব পাৰে, কিয়নো যথেষ্ট পৰিমাণৰ প্ৰ’টিনজাতীয় আহাৰ গ্ৰহণ কৰাৰ ফলত কেলৰি বৃদ্ধি হ’বলৈ আৰম্ভ হয়। ইয়াক বিশেষকৈ ৰাতি সেৱন কৰা উচিত। যদি কোনোবাই পুৱাৰ আহাৰত প্ৰ’টিন সমৃদ্ধ আহাৰ গ্ৰহণ কৰে, তেন্তে দুপৰীয়াৰ আহাৰত কমকৈ মাহজাতীয় শস্য খাব লাগে।

~ পেটৰ বিষ হ’ব পাৰে :অত্যাধিক মাহজাতীয় শস্য খালে পেট ফুলা, বদহজম আদিৰ দৰে সমস্যা হ’ব পাৰে। সেইকাৰণে অলপ সতৰ্ক হোৱাটো প্ৰয়োজনীয়। বিশেষকৈ ৰাতিৰ আহাৰত মুগ, মচুৰ দাইল, বুটৰ দাইল গ্ৰহণ নাখাব।

~ গেছৰ সমস্যা :যদি কাৰোবাৰ হজম শক্তি দুৰ্বল হয়, তেন্তে অত্যাধিক দাইল খোৱা উচিত নহয় কিয়নো ইয়াৰ ফলত পাকস্থলীত গেছৰ সমস্যা হ’ব পাৰে।

~ বৃক্কৰ সমস্যা: যদি নিৰ্দ্ধাৰিত পৰিমাণতকৈ অধিক দাইল খোৱা যায়, তেনেহ’লে ই বৃক্কৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে, বহু বিশেষজ্ঞই বিশ্বাস কৰে যে অধিক দাইল খালে বৃক্কত পাথৰৰ সমস্যা হ’ব পাৰে। মাহজাতীয় শস্যত অক্সালেটৰ পৰিমাণ পোৱা যায়, যাৰ ফলত ইয়াৰ অধিক খালে বৃক্কৰ পাথৰ হ’ব পাৰে।

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

You May Also Like

More From Author