ভগৱান গণেশৰ বাহন নিগনি (মোচক) প্ৰকৃততে কোন আছিল ?

1 min read

সকলো দেৱী দেৱতাৰ ওচৰত ভাল ভাল বাহন কিন্তু প্ৰথমপূজ্য অৰ্থাৎ সকলো দেৱ-দেৱতাতকৈ আগত পূজা কৰা ভগৱান শ্রী গণেশৰ ওচৰত বাহন ৰূপে এটা সৰু নিগনি কিয়।এক প্ৰচলিত কথা অনুসাৰি,এক আধা ভাগ ভগৱান আৰু এক আধা ভাগ অসুৰ ৰূপৰ নৰকমূৰ্চ আছিল। এবাৰ দেৱৰাজ ইন্দ্ৰৰ ৰাজসভাত সকলো মুনিকে নিমন্ত্রণ জনালে।সভাত নৰকমূৰ্চ উপস্থিত আছিল। সভাত ভূলত নৰকমূৰ্চৰ ভৰি এজন মুনিৰ ভৰিত পৰিল। এই কথাত ক্ৰধিত হৈ মুনিয়ে নৰকমূৰ্চক নিগনি হোৱাৰ সাপ দিলে। নৰকমূৰ্চে মুনিক ক্ষমা বিচাৰিছিল যদিও মুনিয়ে নিজৰ সাপ ঘূৰাই লব নোৱাৰিলে।অৱশ্যে মুনিয়ে নৰকমূৰ্চক এক বৰদান দিলে যে আহি থকা সময়ত ভগৱান শিৱৰ পুত্র ভগৱান গণেশৰ তুমি বাহন হব।

নৰকমূৰ্চ কোনো সৰু সুৰা নিগনি নাছিল তেওঁ এক বৃহত্তৰ নিগনি আছিল। নৰকমূৰ্চে পাহাৰকো তল ওপৰ কৰি পেলাইছিল। নৰকমূৰ্চৰ আতংক ইমানেই বাঢ়ি গৈছিল যে সকলো মুনিগণ নৰকমূৰ্চৰ পৰা চিন্তিত হৈ পৰিছিল। এদিন নৰকমূৰ্চে মহৰ্ষি পৰাশৰ আশ্ৰম ধ্বংস কৰি দিলে।সেই সময়ত মহৰ্ষি পৰাশৰ ভগৱান শ্রী গণেশৰ ধ্যানত মগ্ন হৈ আছিল। আশ্ৰমৰ বাহিৰত থকা বাকী সকলো মুনিয়ে নৰকমূৰ্চক খেদাৰ প্ৰয়াস কৰিলে। কিন্তু সফল নহল। তেতিয়া ভগৱান শ্রী গণেশে নিগনি ৰূপী নৰকমূৰ্চক এই ধ্বংসৰ কাৰণ সুধাত,খংতে নৰকমূৰ্চে একো উত্তৰ নিদিলে। তেতিয়া ভগৱান শ্রী গণেশে কলে, এতিয়া তুমি মোৰ আশ্ৰয়ত আছা, যি বিচাৰা, খুজিব পাৰা,কিন্তু অংহকাৰী নিগনিয়ে কলে, মোক আপোনাৰপৰা একো নালাগে. যদি আপুনি বিচাৰে মোৰপৰা বিচাৰিব পাৰে।

নিগনিৰ এই অহংকাৰক দেখি ভগৱান শ্রী গণেশে কলে, তুমি মোৰ বাহন হব লাগে।নিগনিয়ে গণেশৰ কথাত তেওঁৰ বাহন হবলৈ মান্তি হল। যেতিয়া ভগৱান শ্রী গণেশে সেই নিগনিৰ ওপৰত বহিল, তেতিয়া ভগৱান শ্রী গণেশৰ বলৰ প্ৰকোপত নিগনি সৰু হবলৈ ধৰিলে। নিগনি ৰূপী নৰকমূৰ্চকে বহু চেষ্টা কৰিলে, কিন্তু ভগৱান শ্রী গণেশক লৈ এখোজো আগুৱাই যাব নোৱাৰিলে। তেতিয়া নৰকমূৰ্চকৰ অহংকাৰ ভাঙিল। আৰু ভগৱান শ্রী গণেশক প্ৰাৰ্থনা কৰিলে, গণপতি বাপ্পা মোক ক্ষমা কৰি দিয়ক।আপোনাৰ বলৰ বাবে মই সৰু হৈ গৈ আছো।নৰকমূৰ্চকৰ এই প্ৰাৰ্থনা ভগৱান শ্রী গণেশে স্বীকাৰ কৰি নৰকমূৰ্চক’ক নিজৰ বাহন কৰি ললে।

জয় শ্ৰী গণেশ…

You May Also Like

More From Author