জি ই আৰ ডি অৰ্থাৎ গ্যেষ্টাইছোফেজিয়াল ৰিফ্লাক্স হ’ল এক হজমজনিত বিকাৰ৷ মুখ আৰু খাদ্যনলীৰ সংযোগস্থলক বিজ্ঞানৰ ভাষাত ইছুফেগাছ বুলি জনা যায়৷ যেতিয়া পাকস্থলীৰ খাদ্যবস্তু ইছুফেগাছৰ পৰা ঘূৰি আহে তাকেই কোৱা হয় ‘গ্যেষ্টাইছোফেজিয়াল ৰিফ্লাক্স’৷ সাধাৰণতে ইয়াক কোৱা হয় এচিদ ৰিফ্লাক্স৷ কেতিয়াবা বুকুত জ্বলা-পোৰা যেন অনুভৱ হ’লে সাধাৰণতে গুৰুত্ব দিয়া নহয়৷ কিন্তু সঘনাই যদি এনে সমস্যাৰ সৃষ্টি হৈ থাকে তেতিয়া তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে৷ কোনো ব্যক্তিৰ যদি সপ্তাহত দুবাৰতকৈ অধিক এচিদ ৰিফ্লাক্সৰ উপসৰ্গই দেখা দিয়ে তেতিয়া এই জি ই আৰ ডি ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ যদিও ইয়াক বিশেষ গুৰুত্ব দিয়া নহয় তথাপি সঠিক চিকিৎসা নকৰিলে ভৱিষ্যতে দীৰ্ঘস্থায়ী অসুস্থতাত আক্ৰান্ত হ’ব পাৰে৷ বিশেষজ্ঞৰ মতে পাকস্থলীৰ খাদ্যবস্তু মুখগহ৩১ আৰু পাকস্থলীৰ সংযোগকাৰী খাদ্যনলীৰ মাজেৰে ওলোটাকৈ প্ৰবাহিত হয় তেতিয়াই এই সমস্যাই দেখা দিয়ে৷ ইয়াৰ ফলত বুকু জ্বলা যেন অনুভৱ হয়৷ সপ্তাহত দুদিনতকৈ অধিক এই এচিদ ৰিফ্লাক্স সমস্যাত ভুগিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ ওচৰ চাপিব লাগে৷ চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কেতিয়াও দৰৱ সেৱন কৰিব নালাগে৷ কেতিয়াবা এনে সমস্যাৰ সৃষ্টি হ’লে সাধাৰণ গ্যেষ্টিকৰ দৰৱ সেৱন কৰাৰ ফলত সি ভয়ংকৰ বিপদ মাতি আনিব পাৰে৷
বুকুত জ্বলা-পোৰা লাগিলে কেতিয়াও অৱহেলা নকৰিব
Posted on by GTM Desk
1 min read
You May Also Like
ধিঙত বন্যহস্তীৰ আক্ৰমণত মৃ*ত্যু এগৰাকী বৃদ্ধা মহিলা
November 8, 2024
লজ্জাজনক! পাষাণ পিতৃৰ জঘন্য কা*ণ্ড, সা*ৰি নগ’ল নি*জ কন্যা…
November 8, 2024