হঠাতে পেটৰ বিষ হ’লে এইদৰে পৰিত্ৰাণ লাভ কৰক

1 min read

বহুতেই বাহিৰৰ খাদ্য খাই ভাল পায়৷ কিছুমানে আকৌ প্ৰিয় খাদ্য অত্যধিক পৰিমাণে খায়৷ ফলত কোনোধৰণৰ ইংগিত অবিহনেই আৰম্ভ হয় হঠাৎ প্ৰচণ্ড পেটৰ বিষ৷ পেটৰ সমস্যা, বমি ভাব বা এচিডিটীৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন দৰৱ পোৱা যায়৷ বহুতে পানী খাই পেটৰ সমস্যাৰ পৰা পৰিত্ৰাণ পায়৷ কেতবোৰ ঘৰুৱা উপায়েৰেও পেটৰ বিষ কমাব পৰা যায়৷ উল্লেখ কৰা হ’ল এনে কেতবোৰ উপায়–

[১] আদাঃ বমি ভাব আৰু পেটৰ বিষ কমাবলৈ আদা খাব পাৰে৷ আদাই শৰীৰৰ সকলো ধৰণৰ প্ৰদাহ দূৰ কৰাত সহায় কৰে৷ আদা কেঁচাই বা চাহৰ সৈতে মিহলাই খালেও উপকাৰ পোৱা যায়৷

[২] কেমোমিল চাহঃ বদহজম, বমি ভাব, ডায়েৰিয়া আৰু পেটৰ বিষৰ লগতে বিভিন্ন অসুস্থতা নিৰাময় কৰে কেমোমিল চাহে৷ হঠাৎ হোৱা পেটৰ বিষ কমাবলৈ কেমোমিল চাহ খাব পাৰে৷

[৩] পদিনা পাতঃ পদিনা পাত পেটৰ বাবে অত্যন্ত উপকাৰী৷ পদিনা পাতেৰে প্ৰস্তুত কৰা চাহ খালে পেটৰ বিষ লগে লগে নাইকিয়া হয়৷ হজমজনিত সমস্যা, কোষ্ঠকাঠিন্য, ডায়েৰিয়া আদিৰ লগতে পেট বিষালে পদিনা পাত খাওক৷

[৪] কাচকলঃ পেটৰ সমস্যা হ’লে কাচকল অত্যন্ত উপকাৰী৷ কাচকল সিজাই খালে পেটৰ বিষ আৰু পেটৰ প্ৰদাহ কমে৷ কাচকলত ভিটামিন-চি আৰু পটাছিয়াম থাকে৷ পেট বিষালে বা দেহৰ কোনো পেশী টানি ধৰিলে নাইবা বিষালে কাচকল খাব পাৰে৷

[৫] দৈঃ শৰীৰত বেক্টেৰিয়াৰ ভাৰসাম্যতাৰ সমস্যা হ’লে পেট বিষায়৷ এনে ক্ষেত্ৰত দৈৰ দৰে প্ৰবায়’টিক খালে বেক্টেৰিয়াৰ ভাৰসাম্য নিয়ন্ত্ৰণলৈ আহে৷ তেতিয়া পেট বিষোৱা বন্ধ হয়৷

You May Also Like

More From Author