পুৰোহিত সকলক সন্মান কৰাটো কিমান প্ৰয়োজন ?

1 min read

ৰাম বনবাস যোৱাৰ পিছত ভৰতে ৰামক বিচাৰি অৰণ্যলৈ গৈছিল ।অৰণ্যত ৰামক লগ পাই ভৰতে আকৌ ৰাজ্যলৈ ঘূৰি নগৈ ৰামৰ লগতে থকাৰ ইচ্ছা কৰিছিল । ৰামে বুজাই বঢ়াই লৈ ভৰতক আকৌ অযোধ্যালৈ ৰাজ্য শাসন কৰিবলৈ পঠাই দিছিল । ভৰতে দেশ চলোৱাৰ নীতি শিক্ষা ৰামৰ পৰা গ্ৰহণ কৰিব বিচাৰিছিল । তেতিয়া ভৰতক দেশ চলোৱাৰ শিক্ষা দিবলৈ গৈ ৰামে ভৰতক কেইটামান প্ৰশ্ন সুধিছিল ।

তাৰে ভিতৰত এটা প্ৰশ্ন আছিল

ভৰত তুমি ৰাজ্যত গুৰু , আচাৰ্য্য , অগ্ৰজ , পুৰোহিত সকলোকে সন্মান কৰানে ?

ভৰতে উত্তৰ দিছিল , হয় মই এই সকলোবোৰৰ সন্মান কৰিলেও পুৰোহিতৰ সন্মান মোৰ দ্বাৰাই নহব যেন লাগে । মোৰ মনত এটা আশংকা আছে যে পুৰহিতে কেৱল কৰ্মকাণ্ড হে কৰায় , গতিকে পুৰোহিত ইমান সন্মানৰ যোগ্য যেন নালাগে ।

যিহেতু ভগৱান প্ৰতিটো কণ ব্যাপী আছে , যিহেতু ভগৱান জীৱ মাত্ৰৰ হৃদয়ত আছে , ভক্তি কৰিলেই ঈশ্বৰক পোৱা যায় ,তাৰ পিছতো এই কৰ্মকাণ্ডৰ দৰকাৰ কিবা আছে বুলি মই নাভাবো ।

ইয়াৰ পিছত ৰামে কৈছিল ভৰতক :

চোৱা ভৰত , এই পুৰহিতেই হল তোমাৰ ৰাজ্যৰ অৰ্থব্যৱস্থাৰ মেৰুদণ্ড ।

এখন ৰাজ্যৰ গোটেই অৰ্থব্যৱস্থা আৰু কৰ্ম সংস্কৃতি পুৰোহিতৰ ওপৰতহে চলে । পুৰহিত নহলে ধর্মও নাথাকিব ।

কিয়নো , ধৰ্মস্য মূলম অৰ্থম , অৰ্থস্য মূলম কামম ।।

যদি তোমাৰ অৰ্থব্যৱস্থা শক্তিশালী হয় , তেতিয়া তোমাৰ ধৰ্ম শক্তিশালী হৈ থাকিব আৰু এই অৰ্থব্যৱস্থাৰ মূল হল পুৰোহিত ।

যেতিয়া পুৰোহিত এজনে পুজা কৰে তেতিয়া প্ৰায় 108 বিধ বস্তুৰ দৰকাৰ হয় ।

খৰি , কাপোৰ , সেন্দুৰ , মাটিৰ বাচন , সূতা , ঘিউ , গুড় ,চাউল , তিল , বাঁহৰ চালনি , বাঁহৰ সৰঞ্জাম আদি কৰি 108 বিধ সামগ্ৰী অনা হয় ।

ভগৱানৰ আৰাধনা যদিও ভক্তিৰ দ্বাৰাই হয় , তথাপিও এই বস্তুবোৰ বনোৱা কাৰিকৰসকল বা খেতিয়কসকলৰো যাতে তেওঁলোকে বনোৱা বস্তুসমূহ বিক্ৰী হয় , তাৰ ব্যৱস্থা হৈছিল । এই আটাইবোৰ বস্তু নতুন আনিবলৈ কয় আৰু কোনো পুৰণি বস্তুৰ ব্যৱহাৰ নহৈছিল । ইয়াৰ দ্বাৰা সমাজত সৰু সৰু বেপাৰী , কাৰিকৰ , খেতিয়ক আদি সকলো শ্ৰেণীৰ লোকৰে উৎপাদন সামৰি লোৱা হয় ।

পুৰহিতে যে এদিন ব্যৱহাৰ কৰিব এইবোৰ বস্তু তেনে নহয় , ইয়াক পৰম্পৰাৰ লগত জড়িত কৰি দি গৈছিল । যিকোনো উৎসৱ পাৰ্বনত , পূজা আদিত নতুন কাপোৰ ,নতুন বাচন বৰ্তন আদিৰ লগতে বিভিন্ন নতুন নতুন সামগ্ৰী লোৱাৰ ব্যৱস্থা এটা এই পুৰহিতসকলৰ পৰাই চলি আছে সমাজত ।

এইদৰেই পুৰহিতে দেশৰ অৰ্থ ব্যৱস্থাৰ মেৰুদণ্ড স্বৰূপে থিয় হৈ থাকে।

তাৰ পিছত ভৰতৰ প্ৰশ্ন আছিল ,

মই বহুতো পুৰহিতক অৰ্থৰ বিনিময়ত কৰ্ম কাণ্ড কৰা দেখিছোঁ , তেওঁলোকো সন্মানৰ যোগ্য হয়নে ?

তেতিয়া ৰামে কৈছিল যে যিজন পুৰহিতে অৰ্থৰ বিনিময়ত কৰ্মকাণ্ড কৰিবলৈ আহে , তেনে পুৰহিতক প্ৰশ্ৰয় নিদিয়া ভাল । পুৰহিতে কেতিয়াও অর্থৰ লোভত কৰ্ম কাণ্ড কৰিব নালাগে । পুৰহিতে যিজন মানুহৰ ঘৰত কৰ্মকাণ্ড কৰিব গৈছে , সেই ঘৰ মানুহৰ ঘৰত পানী এটুপাল খোৱাটোও লোভ বুলি কয় । পুৰহিতে যোৱাৰ পথত বা উভতি অহাৰ পথত নদী , পুখুৰী আদিৰ পানী খাব পাৰে।

এই কথাখিনি ব্ৰিটিছে আমাৰ এখন সুন্দৰ সমাজ ব্যৱস্থাক ভাঙি দিবৰ বাবে পুৰহিতক বিভিন্ন ধৰণে তাচ্ছিল্য কৰি , সমাজত উচ্চ নিচ ভেদভাৱ প্ৰচাৰ কৰা বুলি , সৰু জাতিৰ ঘৰত পানীও নাখায় বুলি প্ৰচাৰ কৰি সমাজখন জাত পাতত ভাঙি দিছিল ।

সেই তেতিয়াৰ পৰা আজিলৈ আচল কথাখিনিৰ অৰ্থ বুজি নাপাই সময়ে সময়ে ব্ৰাহ্মণ , পুৰহিতক বিভিন্ন প্ৰকাৰে নিন্দা কৰি আহিছে ।

আজিও বজাৰত যেতিয়া মন্দাবস্থা আহে , তেতিয়া সমাজৰ প্ৰতিটো স্তৰৰ মানুহে এই পুৰহিতে বনাই যোৱা অৰ্থ ব্যৱস্থাৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয় ।

পূজা আহিব কাপোৰ বিক্ৰী হব , পূজা আহিব গাড়ী বিক্ৰী হব , পূজাত টিভি লম , পূজাৰ আগতে ঘৰটো বনাই লম , পূজা আহিলে ঘৰটো ৰঙ কৰি লম ইত্যাদি ইত্যাদি ।

এইবোৰৰ লগত জড়িত হৈ থকা supply chain , তাৰ লগত জড়িত হৈ থকা industry , কাৰিকৰ আদি সকলো আছেই ।

গতিকে সমাজ ধ্বংস হোৱাৰ আগতে সমাজক উদ্ধাৰ কৰক ।

You May Also Like

More From Author