মানৱ জীৱনত কৰ্ম, ভাগ্য আৰু বুদ্ধিৰ ভিতৰত কাৰ গুৰুত্ব বেছি ? যিমান চিন্তা কৰিলেও হয়তো এই তিনিটাৰ ভিতৰত কোনোবা এটাক নিশ্চিত কৰা খুব কঠিন। কিন্তু যদিহে এবাৰ তলৰ কথাখিনি ভালদৰে বুজা যায় তেতিয়া নিশ্চয় সঠিক উত্তৰ এটা পোৱা যাব।
এবাৰ স্বৰ্গলোকত কৰ্ম, বুদ্ধি আৰু ভাগ্যৰ মাজত যুক্তি তৰ্ক হৈছিল কিয়নো কৰ্মই কৈছিল তেওঁহে মহান, বুদ্ধিয়ে কৈছিল তেওঁ শক্তিমান আৰু ভাগ্যই কৈছিল তেওঁহে সৰ্ব শক্তিমান। আৰু প্ৰত্যেক দিনাই তিনিজন যেতিয়াই লগ হয় সদায় একে কাজিয়াতে লিপ্ত হৈছিল। এদিনাখন তিনিজনে যেতিয়া একে বিষয় লৈ পুনৰ তৰ্ক বিতৰ্ক কৰি আছিল সেই সময়ত নাৰদ মুনি তেওঁলোকৰ ওচৰ পাইছিল আৰু কৰ্ম, বুদ্ধি আৰু ভাগ্যই বিবাদ কৰি থকা দেখি আচম্বিত হৈ নাৰদ মুনিয়ে প্ৰশ্ন কৰিছিল যে তোমালোক তিনিজনে নিজৰ মাজত কিয় কাজিয়া কৰিছা ? তেতিয়া তিনিজনে একে মুখে তেওঁলোকৰ বিতৰ্কৰ কাৰণ জনাইছিল আৰু বিচাৰৰ দায়িত্ব অৰ্পণ কৰিছিল নাৰদ মুনিক যে তেওঁলোক তিনিজনৰ ভিতৰত কোনজন আটাইতকৈ শ্ৰেষ্ঠ।
নাৰদ মুনিয়ে হাঁহি মুখেৰে সেই দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু তিনিজনকে নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিবলৈ পৃথিৱীলৈ যাবৰ বাবে আজ্ঞা দিছিল আৰু সোনকালে সাজু হ’বলৈ কৈছিল ; লগতে কৈছিল যে তেওঁলোকে পৃথিৱীলৈ গৈ এজন সাধাৰণ মানুহৰ সৈতে প্ৰত্যেক জনে পৃথকে পৃথকে এক সপ্তাহ কৈ বসবাস কৰিব লাগিব আৰু প্ৰত্যেক জনে সেই সাধাৰণ মানুহ জনক সহায়ৰ হাত আগবঢ়াব লাগিব , যিজনৰ সহায়ৰ দ্বাৰা সেই সাধাৰণ লোকজনৰ বেছি উন্নতি হ’ব তেওঁকে শ্রেষ্ঠ বুলি বিবেচনা কৰা হ’ব। কথা খিনি কৈ নাৰদ মুনি সেই স্থান ত্যাগ কৰিছিল, আৰু অতি শীঘ্ৰে কৰ্ম, বুদ্ধি আৰু ভাগ্যই পৃথিৱীলোকলৈ নিজৰ যাত্ৰা আৰম্ভণি কৰিছিল।
পৃথিৱীত খোজ দিয়ে তিনিজনে এজন মজদূৰ লোক দেখিবলৈ পাইছিল যি খুব দৰিদ্ৰ আছিল, যাৰ জীৱিকা অৰ্জনৰ একমাত্ৰ পথ আছিল জংঘলত খৰি কটা আৰু সেই খৰি বজাৰলৈ গৈ বিক্ৰী কৰা। লোক জনক দেখি কৰ্ম ,বুদ্ধি আৰু ভাগ্যই আলোচনা কৰি ঠিক কৰিলে যে তেওঁলোকে এজন এজনকৈ এসপ্তাহৰ বাবে লোকজনৰ দেহত প্ৰৱেশ কৰিব । কথা অনুসৰি প্ৰথমে কৰ্মই সেই মজদূৰ ব্যক্তিৰ দেহত প্ৰৱেশ কৰিছিল । লোকজনৰ দেহত কৰ্ম প্ৰৱেশ কৰা মাত্ৰকে মজদূৰ লোক জনৰ কৰ্ম ক্ষমতা দুগুণ হৈ গৈছিল যাৰ প্ৰভাৱত মজদূৰ জনে প্ৰতিদিনৰ তুলনাত দুগুণ কাঠ কাটিবলৈ সক্ষম হৈছিল। নিজৰ ক্ষমতা অনুভৱ কৰি মজদূৰ জন নিজে আচৰিত হৈছিল , প্ৰথম দিনা আবেলি সময়ত যেতিয়া কাঠ কটা শেষ কৰি কাঠ সমূহ বজাৰলৈ নিবলৈ ওলাইছিল বিক্ৰীৰ বাবে, মজদূৰ জনে ইতিমধ্যে কাটি পেলোৱা সমস্ত কাঠৰ টুকুৰা বজাৰলৈ দাঙি নিবলৈ অসফল হৈছিল। ফলত তেওঁ আগৰ দিনবোৰৰ দৰে একেখিনি ওজনৰ কাঠকে বজাৰলৈ লৈ গৈ বিক্ৰী কৰিবলৈ বাধ্য হৈছিল আৰু সদায় অর্জন কৰাৰ সমানে অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল সেইদিনাখনো। পিছদিনা ৰাতিপুৱা পুনৰ কাঠ কাটিবলৈ গৈ মজদূৰ জনে দেখিছিল যে তেওঁ আগৰদিনা এৰি যোৱা অৱশিষ্ট কাঠ সমূহ ইতিমধ্যে কোনোবাই লৈ গৈছে। তেওঁ সেইদিনা পুনৰ কাঠ কাটিবলৈ আৰম্ভণি কৰি নিজৰ দেহৰ কৰ্ম শক্তিৰ সহায়ত আবেলি লৈকে আকৌ পূৰ্বৰ তুলনাত দুগুণ কাঠ কাটি পেলাইছিল যদিও সিমান খিনি কাঠ দাঙিব নোৱাৰি আগৰ সমানে কাঠ বজাৰলৈ নি বিক্ৰী কৰিবলৈ বাধ্য হৈছিল আৰু আগৰ দৰে একে সমানে অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। এনেদৰে কৰ্মই মজদূৰ জনৰ দেহত হিচাপৰ সাত দিন অতিক্ৰম কৰিছিল যদিও মজদূৰ জনৰ কোনো আৰ্থিক উন্নতি দেখিবলৈ পোৱা নগৈছিল কিয়নো মজদূৰ জনৰ সৈতে কৰ্ম প্ৰয়াস আছিল যদিও তেওঁৰ বুদ্ধি আৰু জ্ঞানৰ পৰিমাণ আছিল সীমিত। উপায়ন্তৰ হৈ মনৰ দুখৰে কৰ্ম পুনৰ স্বৰ্গলৈ উভটি গৈছিল।
দ্বিতীয় সপ্তাহত মজদূৰ জনৰ দেহত বৰ ফুটনি মাৰি ভাগ্য প্ৰৱেশ কৰিছিল , মজদূৰ জনৰ আৰ্থিক উন্নতি কৰাৰ দুগুণ মানসিকতাৰে। কিন্তু কৰ্ম মজদূৰ জনৰ দেহৰ পৰা ওলাই যোৱাৰ বাবে মজদূৰ জন ইতিমধ্যে কিছু অলস হৈ পৰিছিল। তেনেতে সপ্তাহৰ প্ৰথম দিনাই মজদূৰ জন জংঘলত কাঠ কাটিবলৈ গৈ থাকোতেই ঘটিল চমৎকাৰ। মজদূৰ জনে ঘন জংঘলত এটা টকাৰ টোপোলা পৰি থকা পালে আৰু মুহূৰ্ততে খুব ধনবান হৈ পৰিল। সহস্ৰ টকা পোৱাৰ লগে লগে মজদূৰ জনে নিজৰ দৈনিক কৰ্ম বন্ধ কৰি সেই টকা খৰছ কৰাত খুব উত্ৰাৱল হৈ পৰিছিল আৰু সাত দিনৰ ভিতৰতে সকলো টকা নিজৰ ভোগ বিলাস আৰু পাৰ্থিৱ সুখৰ সম্পদ ক্ৰয় কৰি শেষ কৰি পেলাইছিল। ফলত মজদূৰ জনৰ আৰ্থিক অৱস্থা সাতদিন আগৰ দৰেই হৈ পৰিল , কিয়নো মজদূৰ জনৰ হাতত অজস্ৰ টকা আছিল যদিও তেওঁ সেই টকা বিনিয়োগ কৰিবলৈ নাছিল কোনো বুদ্ধি আৰু কৰ্মস্পৃহা। সময় সমাপ্ত হোৱা হেতুকে নিজৰ ব্যৰ্থতা খিনি সহিব নোৱাৰি ভাগ্য পুনৰ স্বৰ্গলৈ উভতি গৈছিল।
ইয়াৰ পিছত পাল পৰিছিল বুদ্ধিৰ ; কথা অনুসৰি তৃতীয় সপ্তাহত মজদূৰ জনৰ মগজুত প্ৰৱেশ কৰিছিল বুদ্ধি । লগে লগে মজদূৰ জনৰ মনৰ বুদ্ধি দুগুণ হৈ পৰিছিল আৰু তেওঁৰ জ্ঞানৰ পৰিসৰ বাঢ়িছিল দুগুণে। প্ৰথম দিনা ৰাতিপুৱা মজদূৰ জনে সোনকালে শোৱা পাতি এৰি প্ৰাপ্তঃভ্ৰমন কৰি পেট ভৰাই আহাৰ গ্ৰহণ কৰাৰ পিছত নিজৰ কুঠাৰৰ ধাৰ দুগুণ বঢ়াই ওলাই গৈছিল জংঘললৈ। সেইদিনা মজদূৰ জনে আগৰ তুলনাত অলপ বেছি কাঠ কাটিবলৈ সক্ষম হয় ; কাঠ সমূহ ভালদৰে বান্ধি লৈ মজদূৰ জনে বজাৰলৈ টানি টানি লৈ গৈ বিক্ৰী কৰে আৰু আগৰ তুলনাত সামান্য বেছি অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হয়। আৰু সেইদিনাই মজদূৰ জনে বজাৰত এখন নতুন কুঠাৰ কিনি ললে । তাৰ পিছৰ দিনা ৰাতিপুৱা মজদূৰ জনে দুয়োখন কুঠাৰ ভালদৰে ধাৰ কৰি কাঠ কাটিবলৈ জংঘললৈ ওলাই যায় । কাঠ কাটি কাটি প্রথম কুঠাৰৰ ধাৰ কমাত তেওঁ দ্বিতীয় কুঠাৰ খন ব্যৱহাৰ কৰিছিল আৰু প্ৰথম দিনাৰ তুলনাত আৰু অলপ বেছি কাঠ কাটিবলৈ সক্ষম হৈছিল ; আবেলি পৰত কাঠখিনি বিক্ৰী কৰি প্ৰথম দিনৰ তুলনাত আৰু অলপ বেছি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেনেদৰে মজদূৰ জনে প্ৰতিদিনে নিজৰ উপাৰ্জন বৃদ্ধি কৰি যাবলৈ সক্ষম হৈ পৰিছিল। আৰু সাত দিনৰ ভিতৰতে মজদূৰ জনৰ হাতত ভালেখিনি টকা জমা হৈ পৰিছিল। সময় সমাপ্ত হোৱা হেতুকে ভাগ্য পুনৰ স্বৰ্গলৈ উভতি যায় আৰু কৰ্ম, বুদ্ধিৰ সৈতে মুখামুখি হয়। তেনেতে তেওঁলোকৰ ওচৰত পুনৰ নাৰদ মুনিৰ আগমন হৈছিল। মুনিয়ে তিনিজনকে নিজৰ অনুভৱৰ কথা ব্যক্ত কৰিবলৈ কোৱাৰ লগে লগে কৰ্ম আৰু ভাগ্যই উত্তৰ দিছিল যে আচলতে বুদ্ধি মহান ; বুদ্ধি অবিহনে কৰ্ম আৰু ভাগ্যৰ অস্তিত্ব মূল্যহীন। তেতিয়া নাৰদ মুনিয়ে কৈছিল সেইটোৱেই সঁচা যত বুদ্ধি থাকে সেই ঠাইত কৰ্ম আৰু ভাগ্য নিজেই উপস্থিত হয় আৰু সেইবাবেই বুদ্ধি মহান ও সৰ্বশক্তিমান ; সেইখিনি কৈ নাৰদ মুনিয়ে নাৰায়ণ নাৰায়ণ বুলি কৈ সেই ঠাই ত্যাগ কৰিছিল।