মনুষ্যপিৰীৰ কুকুৰ,ফেঁচা আৰু গাধৰ আয়ুস প্ৰাপ্তিৰ শাস্ত্ৰগত সাৰমৰ্ম

1 min read

ভাৰতীয় উপমহাদেশীয় হিন্দু আৰু সনাতন শাস্ত্ৰ অনুসৰি মানস পুত্ৰ ব্ৰহ্মাক সৃষ্টিৰ দেৱতা,পৰম আত্মা বিষ্ণু পালনকৰ্তা আৰু মহাযোগী মহেশ্বৰক জগতৰ ৰক্ষক ৰূপে লোৱা হয়।সেয়েহে ত্ৰিমূৰ্তি দেৱে নিজ দায়িত্ব সুস্থিৰৰূপে পালন কৰাৰ সময়তে সৃষ্টিৰ দেৱ ব্ৰহ্মাই পৰম আত্মাৰ অনুৰোধত জীৱকুলৰ সৃষ্টি কৰি ৪০বছৰ জীৱন ৰেখা নিৰ্ধাৰণ কৰি দিছিল।কিন্তু প্ৰাপ্তিৰ অনাবিল সুখৰ মাজতো জীৱশ্ৰেষ্ঠ মানৱৰ উপলব্ধি হৈছিল যে সমস্ত জগতৰ ভোগ বিলাসৰ বাবে ৪০বছৰ তেনেই তাকৰ।অৰ্থাৎ বিনাশকাৰী ৰিপুয়ে সেই সময়ত মানৱ মনত যুগান্তকাৰীৰূপে ঠাই দখল কৰিছিল।নিজ প্ৰাপ্তিৰ অৰ্থে জীৱশ্ৰেষ্ঠ নৰে প্ৰাৰ্থনা কৰিছিল আৰু কৈছিল’হে মানস পুত্ৰ জীৱকুলৰ সৃষ্টি আপুনি কৰিছে সঁচা কিন্তু মানৱ শ্ৰেষ্ঠ নৰৰ সম পৰিমানে সকলো জীৱৰে আয়ুস মাত্ৰা কৰিছে।মাত্ৰ ৪০বছৰতে জানো জগতৰ সুখ প্ৰাপ্তিৰ বাবে সম্ভৱ”
মানৱৰ ব্যাকুল প্ৰাৰ্থনাত প্ৰভাৱিত হৈ ব্ৰহ্মাই দৈৱিক বাণীৰে জাননী দিছিল” হে মোৰ পৰম সন্তান,সৃষ্টিকৰ্তা হিচাপে মোৰ দায়িত্ব যদিও সৃষ্টিৰ সময় নিৰ্ধাৰণৰ সম্পূৰ্ণ দায়িত্ব পৰমপিতা বিষ্ণুৰ।সেয়েহে আমি এই নিয়ম অমান্য কৰিব নোৱাৰো।”
উক্ত সন্ধিক্ষণতে কিছু গাধই ব্ৰহ্মাক স্মৰি ব্যক্ত কৰিছিল ” হে পৰম ঈশ্বৰ ৪০বছৰ আয়ুস প্ৰাপ্তিৰে আমি জন্মিছোঁ যদিও জগতৰ সমস্ত ভাৰ বহন কৰি ৪০বছৰ জীয়াই থকা অসম্ভৱ, সেয়েহে আমাক মাত্ৰ ২০বছৰ হে প্ৰদান কৰক।”কিন্তু প্ৰজাপতি ব্ৰহ্মাই একেষাৰে নসাৎ কৰি সেয়া বিষ্ণুৰ হে নিৰ্ণয় বুলি দৈৱিক বাণী প্ৰেৰণ কৰিছিল।কিন্তু কালৰ বিপাক ৰূপে সেই সময়ৰ গাধ আৰু ব্ৰহ্মাৰ বাক বিতণ্ডা কিছু মানৱে শুনি আছিল আৰু তৎকালীন ভাৱে গাধই ত্যাগ কৰিব বিচৰা আয়ুস নিজৰ বাবে বিচাৰিছিল।মানৱৰ সেই কাকূতি ব্ৰহ্মাই বিষ্ণুৰ সৈতে আলোচনা কৰি নিৰ্ণয় কৰা হব বুলি বাণী পঠাইছিল।আনফালে কুকুৰেও জগতৰ অৱহেলাৰ পাত্ৰ হৈ ৪০বছৰৰ পৰা ২০বছৰ ত্যাগ কৰাৰ বাবে প্ৰাৰ্থনা কৰিছিল।
গাধ আৰু কুকুৰৰ পিছত কিছু ফেঁচাৰ দল উপস্থিত হৈছিল আৰু জীৱন ৰেখাৰ হ্ৰাসৰ নিমিত্তে ব্ৰহ্মাক মিনতি কৰিছিল।
গাধ,কুকুৰ আৰু ফেঁচাৰ প্ৰাৰ্থনাত আচম্বিত হৈ মানসপুত্ৰ ব্ৰহ্মাই পালনকৰ্তা বিষ্ণুৰ আগত সকলো সদৰী কৰিছিল।ইয়াৰ পিছতে বিষ্ণুৰ উপদেশত সকলো জীৱই ত্যাগ কৰা জীৱনমাত্ৰা মানৱ প্ৰজাতিক প্ৰেৰণ কৰিছিল।মানৱকুলেও আয়ুস প্ৰাপ্তিৰে একেষাৰে এশবছৰ আয়ুসৰ গৰাকী হৈ পৰিছিল।
মানৱ প্ৰজাতিৰ জীৱন পৰিক্ৰমাৰ বিতংকৈ চালে দেখা পাওঁ যে জীৱনৰ প্ৰথম চল্লিশ বছৰ সকলোৱে সুখেৰে জীৱনতেওঁ উপভোগ কৰা দেখোঁ লগতে জীৱনৰ বাকী সময়ছোৱাৰ বাবে পৰিকল্পনাও প্ৰস্তুত কৰাও দেখা পাওঁ।ইয়াৰ পিছতে চল্লিশ বছৰ সমাপ্তি হয় আৰু মানৱ প্ৰজাতিয়ে লাভ কৰে গাধৰ আয়ুস।গাধৰ আয়ুসৰ সময়তে সকলোৱে সমস্ত জগতৰ ভাৰ বহন কৰা পৰিলক্ষিত হয় আৰু পূৰ্বপুৰুষৰ পৰা আৰম্ভ কৰি সংসাৰৰ সমস্ত দায়িত্ব মূৰ পাতি লোৱা দেখা পাওঁ।৬০বছৰ সমাপ্তিৰ পিছতে সময় পদাৰ্পণ কৰে কুকুৰ আয়ুস ৰ।উক্ত সময়ত কুকুৰৰ লেখীয়াকৈ সকলোৱে মাথোঁ অৱহেলিত হোৱাৰ লগতে সংসাৰৰ এলাগী হোৱাও দেখা পাওঁ।আনৰ অনুগ্ৰহৰে জীৱনটোৱে গতি কৰি ৮০বছৰ সমাপ্তিতে পদাৰ্পণ কৰে ফেঁচাৰ আয়ুসে।উক্ত সময়ত মানৱ শৰীৰৰ সকলো অংগই নিজৰ কাৰ্য্য ক্ষমতা হেৰুৱাই দিয়ে।লগতে হীনমান্যতাই ঠাই লয় বহুলোকৰ মনত।সেই গুৰুত্বহীনতাত কিছু কিছুৱে নিজৰ জীৱনটোও সমাপ্তি কৰি দিয়ে।
শাস্ত্ৰত সমস্ত জগতৰ সকলো তথ্য সম্পূৰ্ণৰূপে লিপিবদ্ধ কৰা আছে।মানৱ ৰ বাবে উৎকৃষ্ট আৰু বিনাশকাৰী সকলো কৰ্মই ত্ৰিমূৰ্তি দেবে ধৰ্মশাস্ত্ৰত লিপিবদ্ধ কৰিছে।যদিহে মানৱ প্ৰজাতিয়ে নিজ আয়ুস মাত্ৰাৰ ভিতৰতে কিছু পুণ্যকৰ্ম কৰিবলৈ সক্ষম হয় তেন্তে ভৱিষ্যতৰ দিনবোৰ কিছু ব্যতিক্ৰম ৰূপে জীয়াবলৈ সম্ভৱ হৈ পৰে।

You May Also Like

More From Author