দাম্পত্য জীৱনত সুখ নাইকীয়া হৈছে নেকি? ঘৰত ৰাখক এই গছ! হাতে হাতে পাব ফল!

1 min read

প্ৰেমৰ পৰিভাষাতো বাৰে বাৰে আহে এই ৰজনীগন্ধা ফুলৰ কথা। চিনেমাৰ পৰ্দাৰ পৰা আৰম্ভ কৰি সাহিত্যৰ পাতলৈ, গানৰ কলিৰ পৰা কবিতালৈ এই ফুলৰ নাম।

শীতকাল আহিছে। আৰু শীতকাল মানেই বিয়াৰ বতৰ। কাৰণ বাৰ্ষিক কেলেণ্ডাৰত অধিকসংখ্যক বিয়াৰ লগ্ন থাকে শীতকালতে। তাম্পত্য জীৱনত ভফৰি দিয়াৰ পূৰ্বে দৰা–কইনাৰ এজনে আনজনক ৰজনীগন্ধাৰ মালা পিন্ধাই, তেনেদৰেই প্ৰথমবাৰ কাষ চপাৰ মুহূৰ্তও আৰম্ভ হয় ৰজনীগন্ধাৰ সুবাসেৰে।

প্ৰেমৰ পৰিভাষাতো বাৰে বাৰে আহে এই ৰজনীগন্ধা ফুলৰ কথা। চিনেমাৰ পৰ্দাৰ পৰা আৰম্ভ কৰি সাহিত্যৰ পাতলৈ, গানৰ কলিৰ পৰা কবিতালৈ এই ফুলৰ নাম।

সেয়ে প্ৰেমৰ পৰা আৰম্ভ কৰি দাম্পত্য জীৱনৰ সৈতে ৰজনীগন্ধাৰ এক প্ৰভাৱ আৰম্ভণিৰে পৰা ৰৈ যায়। কিন্তু কেৱল বিয়াৰ সময়তে নহয়, বাস্তু শাস্ত্ৰই কৈছে, ৰজনীগন্ধা হ’ল এনে এবিধ ফুল, যিয়ে আমাৰ দাম্পত্য সুখ নিয়ন্ত্ৰণ কৰে। স্বামী–স্ত্ৰীৰ মাজত, বাস্তৱৰ দুই ঘনিষ্ঠ সংগীৰ সম্পৰ্কৰ গভীৰতা স্থাপন কৰে এই ৰজনীগন্ধাই।

বাস্তুবিদসকলে কয়, ঘৰত ৰজনীগন্ধা গছ ৰাখিলে সম্পৰ্ক আৰু দৃঢ় হ’ব পাৰে। তেওঁলোকৰ পৰামৰ্শ অনুসৰি, ঘৰৰ উত্তৰ অথবা পূব দিশত ৰজনীগন্ধা গছ ৰখা উচিত। ইয়াৰ ফলত ঘৰখনত মা লক্ষ্মীৰ আশীৰ্বাদ বৰ্ষণ হয়।

আনহাতে, প্ৰেম বা দাম্পত্য সম্পৰ্কতো উচ্ছ্বল জোৱাৰ আহে। শাৰীৰিক আৰু মানসিক দুই দিশৰ পৰাই স্বামী আৰু স্ত্ৰীক ওচৰ চপাই আনে এই ৰজনীগন্ধাই। কাৰণ ৰজনীগন্ধাৰ মোহময়ী গোন্ধে এফালে যিদৰে উত্তেজিত, তেজী কৰি তোলে শৰীৰক, সেইদৰে মনৰ মাজতো প্ৰভাৱ পেলায়।

বাস্তুশাস্ত্ৰই কয়, ৰজনীগন্ধাৰ সুন্দৰ গোন্ধে ঘৰৰ পৰা নেতিবাচক শক্তি দূৰত ৰাখে। সুখ, শান্তি, সম্পদ আৰু সমৃদ্ধিৰ প্ৰাচূৰ্য ঘটে এই পৰিয়ালত। ইয়াৰ উপৰি এই গোন্ধে দাম্পত্য জীৱনত মধুৰতা বৃদ্ধি কৰে। বাস্তুবিদসকলে কয়, বেডৰুমত ফুলদানিত ৰজনীগন্ধা ৰাখিলে স্বামী–স্ত্ৰীৰ সম্পৰ্কত থকা তিক্ততা দূৰ হয়। ইয়াৰ ফলত পৰিয়ালতক সুখ–শান্তি বিৰাজ কৰে। পৰিৱেশৰ পৰা নেতিবাচক শক্তি দূৰ হয়।

ইয়াৰ উপৰি ৰজনীগন্ধা ফুলৰ শুভ প্ৰভাৱত আৰ্থিক সমস্য়াও দূৰ হয় বুলি জনাইছে বাস্তুবিদসকলে। পুৱা ৰজনীগন্ধা ফুলৰ মালা ঠাকুৰৰ মূৰ্তি বা ছবিত পিন্ধা দিয়ক, ঈশ্বৰৰ আশীৰ্বাদ সকলো সময়তো থাকিব আপোনাৰ পৰিয়ালৰ ওপৰত।

ৰজনীগন্ধা শুভ বুলিয়ে দাম্পত্য জীৱনৰ মানসিক আৰম্ভণি হয় ৰজনীগন্ধাৰ মালাৰে। শাৰীৰিক সম্পৰ্কৰ আৰম্ভণিতো থাকে ৰজনীগন্ধা। কাৰণ ফুলশয্যাৰ বিছনা সজোৱা হয় ৰজনীগন্ধাৰে। কেৱল বাস্তুশাস্ত্ৰই নহয়, ফুলৰ গোন্ধই যে মনৰ ওপৰত প্ৰভাৱ পেলাই এই কথা স্বীকাৰ কৰে বিজ্ঞানেও।

Disclaimer: এই প্ৰতিবেদন সাধাৰণ তথ্যভিত্তিক। যিকোনো সমস্যাৰ বাবে আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক।

You May Also Like

More From Author