চকুৱে এজন মানুহক অধিক সুন্দৰ কৰি তোলে। কিন্তু ঋতু পৰিৱৰ্তনৰ সমান্তৰালকৈ বহু লোকৰ কনজাংটিভাইটিছ বা চকু ৰঙা পৰাৰ সমস্যাই দেখা দিয়ে। এই বেমাৰৰ লক্ষণ তথা প্ৰতিকাৰ তলত দিয়া হ’ল।
চকু ৰঙা পৰাৰ লক্ষণ-
চিকিৎসকৰ মতে, কেইবাদিনো ধৰি বৰষুণৰ ফলত বায়ুমণ্ডলত আৰ্দ্ৰতা বৃদ্ধি পায়। ইয়াৰ বাবেই এজন ব্যক্তিৰ পৰা আন এজনৰলৈ সংক্ৰামক ৰোগ ক্ষিপ্ৰতাৰে বিয়পিব পাৰে। এনে ক্ষেত্ৰত সাধাৰণতে মানুহৰ দেহত কনজাংটিভাইটিছ বা চকু ৰঙা পৰাৰ সমস্যা বেছি হোৱা দেখা যায়। এই ৰোগত ভোগা ব্যক্তিৰ চকু ৰঙা আৰু গধুৰ হোৱাৰ লগতে চকু ফুলি উঠে আৰু খজুৱতিও আৰম্ভ হয়।
এই ৰোগত পৰিলে চকু খজুৱাৰ পৰা নিজক বিৰত ৰাখকঃ
চকু ৰঙা সমস্যাত ভুগি থকা লোকসকলক চিকিৎসকৰ পৰামৰ্শ মতে, এনে হ’লে বাৰে বাৰে চকু স্পৰ্শ কৰিব নালাগে। ইয়াৰ লগতে দিনটোত বাৰে বাৰে পানীৰে চকু ধুই থাকিব লাগে। সমস্যা বাঢ়ি গ’লে শীঘ্ৰে বিশেষজ্ঞ চিকিৎসক তথা পৰামৰ্শ কাষ চাপিব লাগেে।
কনজাংটিভাইটিছৰ বিৰুদ্ধে যুঁজিব কিদৰে?
ঘৰটো পৰিষ্কাৰ কৰি ৰাখিব লাগে
হাতেৰে চকু স্পৰ্শ কৰিব নালাগে
নিজৰ বস্তু কাৰো লগত ভাগ কৰিব নালাগে
সঘনাই হাত ধুব লাগে।
চিকিৎসাৰ উপায়ঃ
যদি আপুনি কনজাংটিভাইটিছৰ সমস্যাৰ সন্মুখীন হৈছে এবাৰ চিকিৎসকৰ পৰামৰ্শ লওক। কনজাংটিভাইটিছৰ বিভিন্ন ধৰণৰ চিকিৎসা আছে আৰু প্ৰত্যেকৰে চিকিৎসা বেলেগ বেলেগ ধৰণৰ হয়।