আই চি এম আৰৰ তত্বাৱধনাত গৱেষণা
গায়ত্ৰী মন্ত্ৰ আৰু যোগ সাধনা কৰিলে কৰ’না আঁতৰে! কেন্দ্ৰীয় বিজ্ঞান মন্ত্ৰণালয়ৰ সহযোগত এই বিষয়ে এইম্ছত গৱেষণা চলি আছে৷ উল্লেখ্য যে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ অৰ্থাৎ আই চি এম আৰৰ তত্ত্বাৱধানত এই গৱেষণা চলিছে৷ ঋষিকেশত থকা এইম্ছত সম্প্ৰতি ২০জন ক’ভিড আক্ৰান্তক ইয়াৰ বাবে নিৰ্বাচন কৰি দুটা ভাগত ভগোৱা হৈছে৷ ইয়াৰে এটা ভাগত কৰ’নাৰ ৰোগীসকলক প্ৰথাগত পদ্ধতিৰে চিকিৎসা কৰাৰ উপৰি প্ৰতিজন ৰোগীক পুৱা আৰু সন্ধিয়া গায়ত্ৰী মন্ত্ৰ জপ কৰাৰ ব্যৱস্থা কৰিছে এইম্ছে৷ একেদৰে কৰা হৈছে এঘণ্টাৰ প্ৰাণায়ামৰ ব্যৱস্থা৷ দুসপ্তাহ অৰ্থাৎ ১৪ দিন ধৰি এই পৰীক্ষা চলিব৷ পৰৱৰ্তী সময়ত এই ব্যৱস্থাৰ জৰিয়তে লাভ কৰা তথ্য বিশ্লেষণ কৰি চোৱা হ’ব যে গায়ত্ৰী মন্ত্ৰ আৰু প্ৰাণায়ামৰ জৰিয়তে কৰ’না আক্ৰান্ত লোকসকল উপকৃত হৈছেনে নে নাই৷