বিদ্যুৎ বচাবলৈ ফ্ৰীজ এইদৰে ব্যৱহাৰ কৰক

1 min read

ব্যস্ত জীৱনশৈলীত ফ্ৰীজটো এতিয়া সকলোৰে বাবে অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে৷ বিশেষকৈ গ্ৰীষ্মকালত ফলমূল, শাক-পাচলি  ৰন্ধা খাদ্য সতেজ আৰু ভালে ৰাখিবলৈ ফ্ৰীজৰ বিকল্প আন একো হ’ব নোৱাৰে৷ কিন্তু এচিৰ দৰে ফ্ৰীজ ব্যৱহাৰতো বিদ্যুৎ বিল অত্যধিক হয়৷  বিশেষকৈ ২৪ ঘণ্টাই ফ্ৰীজ চলাই ৰাখিলে বিদ্যুৎ বিল বেছিকৈ ভৰিব লগা হয়৷ কিন্তু কেইটামান উপায় মানি চলিলে দিনটো ফ্ৰীজ চলাই ৰখাৰ পাছতো বিদ্যুতৰ খৰচ কমাব পৰা যায়৷ উল্লেখ কৰা হ’ল তেনে কেইটামান উপায়– 

◾ফ্ৰীজটো কেতিয়াও খালী কৰি নাৰাখিবঃ বহুতৰে ধাৰণা যে ফ্ৰীজত বেছি বস্তু ৰাখিলে বিল বেছি উঠে৷ এই ধাৰণা ভুল৷  ফ্ৰীজৰ ভিতৰত বেছিকৈ ঠাই খালী থাকিলে তাপমাত্ৰা বজাই ৰখাৰ ক্ষমতা কমে৷ সেয়ে খালী থকা অৱস্থাত ফ্ৰীজটো নচলোৱাকৈ ৰাখক৷ ফ্ৰীজত পৰ্যাপ্ত সামগ্ৰী ৰখা কৰক৷ অৱশ্যে ফ্ৰীজটোত খাদ্য সামগ্ৰী এনেদৰে ৰাখক যাতে তাপমাত্ৰাৰ সৰবৰাহ সঠিকভাৱে হ’ব পাৰে৷

◾প্ৰয়োজন অনুসৰি ফ্ৰীজৰ তাপমাত্ৰা নিৰ্ধাৰণ কৰকঃ পৰিৱেশ আৰু প্ৰয়োজন অনুসৰি ফ্ৰীজৰ তাপমাত্ৰা ঠিক কৰক৷ শীত আৰু গৰম কালত ফ্ৰীজৰ তাপমাত্ৰা একে হ’ব নোৱাৰে৷ গৰমত ফ্ৰীজৰ তাপমাত্ৰা বঢ়াই ৰাখক৷ অৱশ্যে ফ্ৰীজটো বেছি ঠাণ্ডা হ’লে কিছু সময়ৰ বাবে বন্ধ কৰি ৰাখিব পাৰে৷

◾ভুলতো ফ্ৰীজৰ দুৱাৰ খুলি নাৰাখিবঃ খোৱা বস্তু উলিয়াই অনাৰ সময়ত বহুতেই ফ্ৰীজটো দুৱাৰ বন্ধ কৰিবলৈ পাহৰি যায়৷ ফ্ৰীজৰ দুৱাৰ খোলা ৰাখিলে ঠাণ্ডা বাহিৰলৈ ওলাই যায়৷ ফলত কম্প্ৰেছাৰৰ ওপৰত চাপ পৰে৷ এনেকুৱা হ’লে ফ্ৰীজটোৱে নিজকে শীতল কৰি ৰাখিবলৈ অতিৰিক্ত বিদ্যুৎ খৰচ কৰে৷

◾গৰম খাদ্য নাৰাখিবঃ হাতত সময় নাথাকিলে বহুতে লৰালৰিকৈ গৰম খাদ্য ফ্ৰীজত ৰাখে৷ এয়া ভুলতো নকৰিব৷ ফ্ৰীজত খোৱা বস্তু ৰখাৰ পূৰ্বে সম্পূৰ্ণৰূপে ঠাণ্ডা হ’বলৈ দিয়ক৷ গৰম খাদ্য ফ্ৰীজত ৰাখিলে  সেই খাদ্য ঠাণ্ডা কৰাত কম্প্ৰেছাৰৰ ওপৰত চাপ পৰে৷ ফলত অতিৰিক্ত বিদ্যুৎ খৰচ হয়৷

◾অদৰকাৰত ফ্ৰীজটো চলাই নাৰাখিবঃ বহুতে দৰকাৰ অবিহনেও বহুসময় ফ্ৰীজ চলাই ৰাখে৷ কোনো খাদ্য বা পাচলি নাথাকিলে ফ্ৰীজটো বন্ধ কৰি ৰাখক৷ অন্ততঃ কিছু হ’লেও বিদ্যুতৰ খৰচ কমিব৷

You May Also Like

More From Author