সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক

0 min read
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম,

ৰাম কৃষ্ণ ৰাম কৃষ্ণ অগতিৰ গতি ৷

অচিন্ত অনন্ত সুখৰ সাগৰ,

কৃষ্ণৰ পদ ভকতি ৷৷

জীৱই নিজ কৰ্মফল ভোগ কৰিবলৈ স্বৰ্গ,নৰক,পৃথিৱীত নানা দেহ ধাৰণ কৰি গতি কৰি থাকে ৷ হৰি ভক্তি নকৰাৰ কাৰণে সংসাৰত যন্ত্ৰনা ভোগ কৰি পৰম গতি লাভ কৰিব নোৱাৰে ৷ অগ্ৰগতিৰ একমাত্ৰ গতিদাতা একমাত্ৰ ৰামকৃষ্ণ নাম ৷ ভগৱানৰ চৰণত সুদৃঢ় বিশ্বাসে শৰণ লৈ ৰাম কৃষ্ণ নাম কীৰ্তন কৰি তেওঁৰ চৰণত ভক্তিভাৱে ভজিলে পৰম গতি লাভ কৰি বৈকুন্ঠ পাব পাৰে ৷ একান্ত মনে হৰি চৰণত ভক্তি কৰিলে অপাৰ স’সাৰ সদৃশ অচিন্ত অনন্ত সুখ লাভ কৰিব পাৰি ৷ কৃষ্ণ ৷

You May Also Like

More From Author