অৰ্ণমাই বৰাৰ ধৰ্ষণ, হত্যাৰ তদন্তত আৰক্ষীৰ ভুল আছিল- স্বীকাৰ কৰিলে আৰক্ষী সঞ্চালক প্ৰধানে..

1 min read

অৰ্ণমাই বৰাৰ হত্যা আৰু ধৰ্ষণ কাণ্ডৰ তদন্তত আৰক্ষী ভুল আছিল বুলি স্বীকাৰ কৰিলে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। উল্লেখ্য যে, অৰ্ণমাই বৰা হত্যা কাণ্ডই ৰাজ্যজুৰি তোলপাৰ লগাইছিল।

হোজাইৰ যমুনামুখৰ শিক্ষয়িত্ৰী অৰ্ণমাই বৰাক বিদ্যালয়ৰ পৰা উভতি অহাৰ পিছত ধৰ্ষণ আৰু হত্যা কৰা হৈছিল। এই হত্যা কাণ্ডৰ পিছতে ৰাজ্যজুৰি অৰ্ণমাই বৰাৰ হত্যাকাণ্ডৰ সৈতে জড়িতক শাস্তি দিয়াৰ দাবী উত্থাপন হৈছিল।

কেৱল সেয়াই নহয়, অৰ্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যা কাণ্ড ৰাজনীতিৰো এক অংশ হৈ পৰিছিল। ২০২১ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অৰ্ণামাই বৰাৰ ধৰ্ষণ আৰু হত্যা কাণ্ড আছিল এক নিৰ্বাচনী ইছ্যু।

২০১৭ ৰ মে’ মাহত সংঘটিত হোৱা এই ঘটনাৰ পিছত কপিলীৰ বুকুত উদ্ধাৰ হৈছিল অৰ্ণমাই বৰাৰ মৃতদেহ। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰি অতি ক্ষীপ্ৰতাৰে দুই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈও সক্ষম হৈছিল।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰি নিম্ন আদালতত তথ্য, প্ৰমাণ দাখিল কৰিছিল। সেই তথ্যৰ আধাৰতে নিম্ন আদালতে এই ধৰ্ষণ আৰু হত্যা কাণ্ডৰ দুই অভিযুক্ত ক্ৰমে মইনুল হকক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ লগতে আন এটা অভিযুক্ত ছেলিম উদ্দিনো দোষী প্ৰমাণিত হোৱাত তেওঁক যাৱজ্জীৱন কৰাদণ্ড বিহিছিল।

নিম্ন আদালতৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাত গুৱাহাটী ন্যায়ালয়ে নিম্ন আদালতৰ ৰায়ক খাৰিজ কৰি মইনুল হকক ফাঁচিৰ পৰিৱৰ্তে মাত্ৰ ৩ বছৰৰ কাৰাদণ্ডহে বিহে। আনহাতে ছেলিম উদ্দিনৰ যাৱজ্জীৱনৰ শাস্তি বাহাল ৰাখিছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি হৈছে। সমালোচনাৰ সন্মুখীন হৈছে অসম আৰক্ষীৰ লগতে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

এনে সমালোচনা আৰু প্ৰতিক্ৰিয়াৰ মাজতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই স্বীকাৰ কৰিছে তদন্ত প্ৰক্ৰিয়াত আৰক্ষীৰ ভুল আছিল বুলি। তেওঁ কয়, আৰক্ষীয়ে লগোৱা নাছিল ১২০ (বি), ৩৪ ধাৰা।

তেওঁ ভৱিষ্যতে যাতে এনে নহয়, তাৰ বাবে আমি সাৱধান হ’ব লাগিব বুলিও মন্তব্য কৰে। স্মৰ্তব্য যে অৰ্ণমাই বৰা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তদন্তৰ জৰিয়তেই অসম আৰক্ষীৰ একাংশ বিষয়াই অৰ্জন কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ পৰা পুৰস্কাৰ।

এইসকল আৰক্ষী বিষয়াৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষ্যণীয়। কিয়নো আৰক্ষীৰ নিয়ম অনুসৰি এটা নিৰ্দিষ্ট গোচৰত আৰক্ষীৰ তদন্তৰ গাফিলতিৰ বাবে দোষীয়ে আদালতত নিৰ্দোষী বুলি ৰেহায় বা মুক্তি লাভ কৰে তেন্তে তদন্তকাৰী বিষয়াৰ শাস্তিৰ বিধান আছে।

You May Also Like

More From Author