যদি PM Kisanৰ হিতাধিকাৰীৰ মৃত্যু হয়, তেন্তে ২০০০ টকাৰ কিস্তি কেনেকৈ পাব, জানি লওক আজিয়ে…

1 min read

কেন্দ্রীয় চৰকাৰে কৃষকৰ আয় দুগুণ কৰিবলৈ অহৰহ বহু আঁচনি আনিছে৷ সেই আঁচনিসমূহৰ ভিতৰত এখনৰ নাম হৈছে পি এম কিষাণ সন্মান নিধি (PM Kisan Samman Nidhi Yojana)। এই আঁচনিখন ২০০৯ চনত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল। এই আঁচনিৰ জৰিয়তে মোডী চৰকাৰে দৰিদ্ৰ কৃষকক ৬ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। এই ধন চৰকাৰে এবছৰত মুঠ তিনিবাৰকৈ কৃষকৰ একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰে। এনে পৰিস্থিতিত মুঠ ৪-৪ মাহৰ ব্যৱধানত কিস্তি একাউণ্টলৈ ট্ৰেন্সফাৰ হয়। অতি সোনকালে চৰকাৰে মুকলি কৰিবলৈ ওলাইছে PM Kisan Scheme (PM Kisan Scheme 13th Installment)ৰ ত্ৰয়োদশ কিস্তি।

হিতাধিকাৰী কৃষকৰ মৃত্যুত কেনেকৈ পৰিয়ালে পাব আঁচনিৰ সুবিধা?

সকলোৱে এই কথা জানি থোৱা ভাল যে চৰকাৰে পি এম কিষাণ আঁচনিৰ বাবে কিছু নিয়ম নিৰ্ধাৰণ কৰিছে। সাধাৰণতে কৃষকসকলৰ আঁচনিখন সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপন হয়। ইয়াত আটাইতকৈ সাধাৰণ প্ৰশ্নটো হ’ল যে যদি যিকোনো পি এম কিষাণ আঁচনিৰ হিতাধিকাৰী কৃষকৰ মৃত্যু হয়, তেন্তে এই আঁচনিৰ সুবিধা আৰু কোনে পাব। এনে পৰিস্থিতিত কৃষকৰ উত্তৰাধিকাৰীয়ে মাটিৰ মালিকীস্বত্ব লাভ কৰিব আৰু আঁচনিৰ হিতাধিকাৰী হ’ব পাৰে। কিন্তু এই ৬ হাজাৰ টকাৰ সুবিধা পাবলৈ সেই কৃষকে পৰ্টেলত নতুনকৈ পঞ্জীয়ন কৰিব লাগিব। এই পৰ্টেলত পঞ্জীয়নৰ পূৰ্বে তেওঁ কিষাণ যোজনাৰ বাবে যোগ্য নে নহয় পৰীক্ষা কৰা হ’ব।

PM Kisan Portal ত এইদৰে পঞ্জীয়ন কৰক-

১/ যদি আপুনি পি এম কিষাণ পৰ্টেলত নিজকে পঞ্জীয়ন কৰিব বিচাৰে তেন্তে প্ৰথমে ইয়াৰ অফিচিয়েল পৰ্টেল https://pmkisan.gov.in চাওক।
২/ ইয়াৰ পিছত New Farmer Registration ত ক্লিক কৰক।

  1. ইয়াৰ পিছত ইয়াত আপোনাৰ আধাৰ নম্বৰ দিয়ক আৰু তাৰ পিছত কেপচা ক’ড পূৰণ কৰক।
  2. ইয়াৰ পিছত আগবাঢ়ি যাবলৈ ইয়াত ক্লিক কৰাৰ বিকল্প নিৰ্ব্বাচন কৰক
    ৫/ ইয়াৰ পিছত আপুনি আবেদন পত্ৰখন দেখিব য’ত সোধা সকলো তথ্য পূৰণ কৰি ফৰ্মখন চেভ কৰিব।
    ৬/ ইয়াৰ পিছত আপোনাৰ পি এফ কিষাণ আঁচনিৰ পঞ্জীয়ন সম্পূৰ্ণ হব।
    ৭) ইয়াৰ উপৰিও মোবাইল বা চি এছ চি চেণ্টাৰত গৈ অফলাইন এপ্লিকেচন কৰিব পাৰিব।

আঁচনিৰ সৈতে জড়িত সহায়ৰ বাবে ইয়াত যোগাযোগ কৰক-

প্ৰধানমন্ত্ৰী কিষাণ হিতাধিকাৰীক সহায়ৰ বাবে চৰকাৰে কেইবাটাও হেল্পলাইন নম্বৰ জাৰি কৰিছে। ইয়াৰ ওপৰত ফোন কৰি আপুনি আঁচনিখনৰ সৈতে জড়িত তথ্য লাভ কৰিব পাৰিব। এই নম্বৰটো হৈছে ১৫৫৫২৬১ আৰু ১৮০০১১৫৫২৬ বা ০১১-২৩৩৮১০৯২। এই তিনিওটা নম্বৰ টোল ফ্ৰী। ইয়াৰ উপৰিও ইমেইল id pmkisan-ict@gov.in ত যোগাযোগ কৰিও আঁচনিখনৰ বিষয়ে তথ্য লাভ কৰিব পাৰিব।

You May Also Like

More From Author