Chiken Pox : কেনেকৈ ৰক্ষা চিকেন পক্সৰ পৰা !

1 min read

এতিয়া বসন্ত কাল। এই ঋতুৱে মানুহৰ মনলৈ যিদৰে আনন্দ কঢ়িয়াই আনে, সেইদৰে দুর্যোগো মাতি আনিব পাৰে। বৰদৈচিলাৰ সন্ত্রাস আছেই। তাৰ উপৰি ভূতৰ ওপৰত দানহ পৰাৰ দৰে মানুহক জ্বলা-কলা খুৱাব পাৰে চিকেন পক্স’ বা বসন্ত ৰোগে।
কিদৰে বাৰু এই সংক্রামক ৰোগ বিয়পে? ইয়াৰ প্রতিষেধকেই বা কি? আপুনি বাৰু বসন্ত ৰোগত আক্ৰান্ত হৈছে বুলি কেনেকৈ জানিব? এনে নানা প্রশ্নৰ উত্তৰ হয়তো আপুনি বিচাৰি আছে।
সেই উত্তৰো আছে এই প্রতিবেদনত। প্ৰধানকৈ ভেৰিচেলা-জষ্টাৰ ভাইৰাছৰ দ্বাৰাই এজন ব্যক্তিৰ শৰীৰৰ পৰা আন এজনলৈ বসন্ত ৰোগ বিয়পে। শীতৰ শেষ আৰু বসন্তৰ আগমনৰ সময়চোৱাত বতৰৰ পৰিৱৰ্তনৰ সময়তে উক্ত ভাইৰাছ বতাহত ভাহি ফুৰে।

অৱশ্যে আন সময়তো হ’ব পাৰে৷ বিশেষকৈ ১৪ বছৰৰ কম বয়সীয়া ল’ৰা-ছোৱালীৰ শৰীৰত বসন্তই দেখা দিয়াৰ সম্ভাৱনা বেছি। সৰুতে যদি বসন্ত নোলায়, তেন্তে যিকোনো বয়সত হোৱাৰ সম্ভাৱনা থাকে।

এই ৰোগৰ প্ৰধান লক্ষণ হ’ল জ্বৰ, মূৰৰ বিষ, কঁকাল-পিঠিৰ বিষ, দুৰ্বলভাব আৰু ফ্লু। দুই-এদিন জ্বৰৰ মাত্ৰা ১০০ৰ পৰা ১০৩ ডিগ্রী পর্যন্ত উঠে। তাৰ পাছত পিঠি, বুকু, কপাল, হাত, মুখ আদিত ফোঁহা উঠিবলৈ আৰম্ভ কৰে।

এই ফোঁহা ওলোৱাৰ দুদিনৰ আগৰ পৰা ফোঁহা শুকাই ছাল উঠি যাবলৈ আৰম্ভ কৰা পর্যন্ত এজন ৰোগীৰ দেহৰ পৰা আনলৈ ভাইৰাছ সংক্ৰমিত হয়।

ৰোগৰ পৰা মুক্তি

বসন্তত আক্রান্ত হোৱা শিশুৰ শৰীৰত আনুসংগিক কোনো সমস্যা নাথাকিলে লক্ষণ অনুযায়ী সাধাৰণ জুৰ আৰু এলাৰ্জিৰ চিকিৎসাই কৰা হয়।

কিন্তু শিশু আৰু বয়স্কসকলৰ বসন্তৰ স’তে লিউকেমিয়া, কর্কট বা আন অসুখৰ চিকিৎসা চলি থাকিলে এণ্টি-ভাইৰেল থেৰাপী কৰাব লাগিব। ঔষধৰ দ্বাৰা তিনি ধৰণৰ এণ্টি-ভাইৰেল থেৰাপী কৰা হয়।

ভেকচিন

বসন্তৰ প্ৰধান ভেকচিন হ’ল ‘ওকা ভেক্‌চিন’। ১২-১৫ মাহ বয়সত এই ভেকচিনৰ প্ৰথমটো ড’জ দিব লাগে। দ্বিতীয় ড’জটো ল’ব লাগিব চাৰিৰ পৰা ছবছৰ বয়সৰ মাজত।

যদি ১২-১৫ মাহ বয়সত প্ৰথমটো ড’জ লোৱাৰ পাছতো বসন্তই দেখা দিয়ে, তেন্তে দ্বিতীয়টো ড’জৰ প্রয়োজন নাথাকে। কিন্তু বসন্ত নোলালে দুয়োটা ড’জ ল’বই লাগিব।

যাৰ ১৩ বছৰ বয়স পর্যন্ত বসন্ত হোৱা নাই আৰু ভেক্‌চিনো লোৱা নাই, তেওঁলোকে পৰৱৰ্তী যিকোনো বয়সত দুয়োটা ড’জ লোৱা উচিত। এমাহৰ ব্যৱধানত ড’জ দুটা ল’ব লাগে।

যিসকলৰ কেতিয়াও বসন্ত হোৱা নাই, তেওঁলোকে ৰোগীৰ পৰা দূৰত থকাই শ্রেয়। কাৰণ ৯০ শতাংশ ক্ষেত্ৰত দেখা গৈছে যে, ৰোগীৰ সংস্পৰ্শলৈ অহাৰ বাবেই বহু লোক বসন্ত ৰোগত আক্ৰান্ত হয়।

ৰোগীৰ সংস্পৰ্শত থাকিবলৈ হ’লে পৰিয়ালৰ বাকী সদস্যক এণ্টি-ভাইৰেল থেৰাপীৰ প্ৰয়োজন৷ ৰোগীৰ শৰীৰত ফোঁহা ওলোৱাৰ ৯৬ ঘণ্টাৰ ভিতৰত আত্মীয়-স্বজনে সেই থেৰাপী ল’ব লাগিব। ঘৰত প্রি-মেচিউৰ শিশু, অন্তঃসত্ত্বা মহিলা আদি থাকিলে তেওঁলোকক যিমান পাৰি সোনকালে ‘ভেৰিচেলা জষ্টাৰ ইমিউনো গ্ল’বিউলিন’ নামৰ প্রতিষেধক দিয়া উচিত।

হোমিঅ’থেৰাপীৰ মতে, প্রতিষেধক হিচাপে ভেৰিঅ’লিনাম,মেলাড্রিনাম ঔষধৰ এটা বা দুটা ড’জ খালে উপকাৰ পোৱা যায়। আকৌ বসন্ত ৰোগীয়েও হোমিঅ’পেথী চিকিৎসা কৰাব লাগে। সেইক্ষেত্ৰত ৰোগীৰ বয়স আৰু লক্ষণ অনুযায়ী ঔষধ দিয়া হয়।

You May Also Like

More From Author