ৰঙিয়াৰ সোমাজেৰে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১ নং নকুলত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়।
নিহত লোকজনৰ ১ নং নকুলৰ টংকেশ্বৰ দাস বুলি জানিব পৰা গৈছে ৷
বজাৰ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হবলৈ লৈছিল টংকেশ্বৰ দাসে ৷
দুৰ্ঘটনাৰ খৱৰ পোৱা মাত্ৰকে পৰিয়ালৰ লোক উপস্থিত হোৱাত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় ৷
প্ৰত্যক্ষদৰ্শীয়ে জানিব দিয়া মতে এখন বগা ৰঙৰ হোণ্ডাই i10 বাহনে টংকেশ্বৰ দাসক খুন্দিয়াই প্ৰায় দুশ মিটাৰ ঠাই চোচৰাই লৈ যায় ৷
দুৰ্ঘটনা সংঘটিত কৰিয়েই উক্ত বাহনখন নলবাৰী অভিমুখে পলায়ন কৰে ৷
পিছত ৰঙিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো ৰঙিয়া থানালৈ লৈ আনে ৷
ৰঙিয়াৰ পৰা ৰিজাউল হাচান ৷