গুৱাহাটীত দুবছৰত ৫৮২ টা শিশু অপহৰণ!

1 min read

সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে শিশু অপহৰণৰ ঘটনা। উত্তৰ পূবৰ ভিতৰতে অপহৰণৰ ঘটনাত শীৰ্ষত আছে অসম তথা গুৱাহাটী মহানগৰী। ৰাজ্যত বৰ্তমানৰ দিনলৈকে বৃহৎ হাৰত সংঘটিত হৈ আছে শিশু অপহৰণৰ ঘটনা। বিশেষকৈ গুৱাহাটী মহানগৰীত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে শিশু অপহৰণৰ ঘটনা। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বিগত দুটা বছৰত গুৱাহাটী মহানগৰীত ৫৮২ টা শিশু অপহৰণৰ ঘটনা সংঘটিত হৈছে। 

২০২১ চনত মহানগৰীত ৩১২ টা শিশু অপহৰণৰ ঘটনা সংঘটিত হৈছিল। ২০২২ চনত ২৭০ টা শিশু অপহৰণৰ ঘটনা সংঘটিত হৈছিল। ২০২৩ বৰ্ষত সংঘটিত হোৱা শিশু অপৰাধৰ ঘটনা আৰক্ষীয়ে কোনো তথ্য ৰাজহুৱা কৰা নাই।

আৰক্ষীয়ে সদৰি কৰা মতে, দুষ্ট চক্ৰই অনলাইনযোগে বিভিন্ন প্ৰলোভন দি বহিঃৰাজ্যলৈ নি বেশ্যা বৃত্তিত নিয়োগ কৰে শিশুক। দুষ্ট চক্ৰটোৱে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ অবহেলিত শিশু কিশোৰক টাৰ্গেট কৰে৷ আনকি দুষ্ট চক্ৰটোৱে ভুৱা ফেচবুক একাউণ্টৰ জৰিয়তে প্ৰথমে চিনাকী হৈ প্ৰলোভন দিয়ে। উল্লেখ্য যে শিশুসকলৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ ভিতৰতে অসম শীৰ্ষত আছে। 

শেহতীয়া এক তথ্য অনুসৰি ২০১৯ৰ ১০নৱেম্বৰ পৰ্যন্ত ৰাজ্যত শিশুৰ বিৰুদ্ধে হোৱা অপৰাধৰ ঘটনা মুঠ ১২৫ টা গোচৰ ইতিমধ্যে পঞ্জীয়ন হৈছে। ইয়াৰে ১৩ টা গোচৰ শিশুৰ বিৰুদ্ধে হোৱা হিংসাজনিত ঘটনা, ৫ টা শিশু শ্ৰমিকৰ ঘটনা, ৪৩ টা শিশুৰ বিৰুদ্ধে হোৱা যৌন নিৰ্যাতনৰ ঘটনা ,বাল্য বিবাহৰ ৫টা গোচৰ, ২৪টা শিশু লালন-পালনৰ ক্ষেত্ৰত বিসংগতিৰ ঘটনা, শিশুৰ শিক্ষাৰ অধিকাৰ ভংগ ক্ষেত্ৰত ক্ষেত্ৰত ১৩ টা গোচৰ পঞ্জীয়ন হৈছে। আনহাতে অসম শিশু অধিকাৰ আয়োগে জনোৱা অনুসৰি ৰাজ্যত শিশু সৰবৰাহৰ ঘটনা ২০১৮ ত ১১টা আৰু ২০১৯ বর্ষত ১৭ টা গোচৰ পঞ্জীয়ন হৈছে।

আনহাতে নেচনেল ক্ৰ।ইম ৰেকৰ্ড ব্যৰ জনোৱা অনুসৰি শিশুৰ বিৰুদ্ধে হোৱা অপৰাধৰ ঘটনাৰ ক্ষেত্ৰত মুঠ ১২৯০৩২ ৰ৪৯৫১ টা গোচৰ কেৱল অসমত পঞ্জীয়ন হৈছে।দেশৰ ভিতৰতে ৩.৮ শতাংশ শিশুৰ বিৰুদ্ধে হোৱা অপৰাধ অসমত আৰু বিপৰীতে চুবুৰীয়া নাগালেণ্ডত এনে ঘটনা ০.১ শতাংশ সংঘটিত হৈছে।আনহাতে উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ ভিতৰত ত্ৰিপুৰাত ০.২শতাংশ ,মিজোৰামত ২২০ টা তথা ০.২ শতাংশ , ছিকিমত ১৯০ টা পঞ্জীভূত গোচৰ ০.১শতাংশ ,অৰুণাচল প্ৰদেশত আৰু মণিপুৰত ০.১শতাংশ শিশু অপৰাধৰ ঘটনা সংঘটিত হৈছে।

You May Also Like

More From Author