খেলৰ প্ৰাকক্ষণত বয়োজ্যেষ্ঠক সম্বৰ্ধনা জনালে সমাজকৰ্মী লাচিত গগৈয়ে।
টীয়ক সমষ্টিৰ অন্তৰ্গত কলিয়াপানী মণ্ডল বিজেপিৰ অবিচি মৰ্চা আৰু যুৱ মৰ্চাৰ উদ্যোগত শনিবাৰৰ পৰা হাঁহচৰাত চাৰিদিনীয়াকৈ সদৌ অসম ভিত্তিক প্ৰাইজমণি দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।কালি নিশা প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনি যোৰহাটৰ এজাৰগুৰি ৰুবুল একাদশ বনাম প্ৰাকজোতিষ একাদশ মাজত অনুষ্ঠিত হয়।খেলখনৰ পূৰ্বে উক্ত খেলপথাৰত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কলিয়াপানী মণ্ডল বিজেপিৰ উপ সভাপতি অভিজিত বৰুৱাই আতধৰা উক্ত সম্বৰ্ধনা অনুষ্ঠানত জিলা বিজেপি যুৱ সভাপতি হেমন্ত কলিতা,কলিয়াপানী মণ্ডল বিজেপিৰ সভাপতি অজয় ভট্টাচাৰ্য,জিলাৰ কাৰ্যনিৰ্বাহক সদস্যা ৰুমী চেতীয়া,কলিয়াপানী মণ্ডল অবিচি মৰ্চাৰ সভাপতি মন্টু শইকীয়া,টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈ,জিলাৰ মহিলা মৰ্চাৰ সম্পাদিকা বিনীতা শইকীয়া,জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি ৰিজু কুমাৰ শইকীয়াকে প্ৰমুখ্য কৰি সমষ্টিৰ অন্তৰ্গত কলিয়াপানী আৰু চিপাহীখোলা মণ্ডলৰ সকলো কাৰ্যকৰ্তাৰ লগতে স্থানীয় বহুসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।উল্লেখযোগ্য যে উক্ত সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী লাচিত গগৈ উপস্থিত থাকি যুৱমৰ্চাৰ এই পদক্ষেপক আদৰণি জনাই লগতে এই ক্ৰীড়াৰ পৰিবেশে সকলোৰে মাজত ভাতৃত্ববোধ গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে।ইপিনে বিশিষ্ট সমাজকৰ্মী লাচিত গগৈয়ে অঞ্চলৰ কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তিক একোখনকৈ গামোচা,চেলেং আৰু সফুৰাৰে সম্বৰ্ধনা জনাই সেৱা লয় আৰু আগলৈও এইদৰে সমাজৰ হকে কাম কৰি যোৱাৰ আশীৰ্বাদ বিচাৰে।ইপিনে চূড়ান্ত খেলখন দুয়োটা দলৰ সুন্দৰ প্ৰদৰ্শনৰ অন্তত ৮ উইকেটত এজাৰগুৰিৰ ৰুবুল একাদশে জয় লাভ কৰি বিজয়ী খিতাপ দখল কৰে।