তুলসী পাত চিঙাৰো আছে নিদিষ্ট সময় নিয়ম

1 min read

আমাৰ দেশত-এনে বহু গছ আছে-যিবোৰক হিন্দু ধৰ্মত বিশেষ গুৰুত্ব দিয়া হয়।তাৰে ভিতৰত হল-তুলসী অন্যতম।ঘৰৰ সনুখত তুলসী গছ ৰোৱা পৰম্পৰা বহু পুৰণি।তদুপৰি তুলসী পাত অবিহনে-পূজা অসম্পূৰ্ণ বুলি কোৱা হয়।

শাস্ত্ৰত বিশ্বাস কৰা হয় যে-তুলসী গছত দেৱী লক্ষ্মীয়ে বাস কৰে।বিশ্বাস আছে-ঘৰত তুলসী গছ ৰুলে আৰু নিয়মিত পূজা কৰিলে-সেই ঘৰত সদায় সুখ-সমৃদ্ধি উপচি পৰে।

*তুলসী পাত চিঙাৰো কিছু নিয়ম আছে।

*তুলসী পাত চিঙাৰ নিয়ম-

*যিহেতু তুলসী গছত দেৱী লক্ষ্মীয়ে বাস কৰে বুলি কোৱা হয়।সেয়ে-তুলসী পাত চিঙাৰ আগে-সদায় তেওঁৰ পৰা অনুমতি লোৱাটো খুবেই প্ৰয়োজনীয়।নহলে-সংসাৰত অৰ্থৰ অভাৱে দেখা দিয়ে।

*চোকা অস্ত্ৰৰে তুলসী পাত চিঙিব নালাগে-

*স্নান নকৰাকে,

তুলসী গছ বা পাত স্পৰ্স কৰিব নালাগে।

*প্ৰয়োজনীয় কাৰণ অবিহনে-তুলসী পাত চিঙা উচিত নহয়।বিশ্বাস কৰা হয় যে-এনে কৰিলে-এনে কৰিলে সংসাৰলৈ দুৰ্ভাগ্য আহে।

*পূজাৰ উপৰিও কেৱল স্বাস্থ্যজনিত কাৰণত তুলসী পাত চিঙিব লাগে

*তুলসী পাত সন্ধিয়া চিঙা উচিত নহয়।

*কোনো ঘৰত কোনো ব্যক্তিৰ মৃত্যু হলে-সেই দিনৰপৰা আগন্তক-১৩দিন পৰ্যন্ত-তুলসী পাত চিঙা উচিত নহয়।

*চন্দ্ৰগ্ৰহণ আৰু সূৰ্য্যগ্ৰহণৰ সময়ত আৰু দেওবাৰ,একাদশীৰ নিশা,তুলসী পাত চিঙা উচিত নহয়।

*দেওবাৰে তুলসী গছত পানী দিয়া উচিত নহয়।প্ৰতিদিনে সন্ধিয়া তুলসী গছৰ তলত বন্তি জ্বলোৱা শুভ বুলি কোৱা হয়।

*তুলসী গছ ঘৰৰ এনে স্থানত ৰাখিব লাগে-যত তুলসী জোপাই মুকলি বতাহ আৰু সূৰ্য্যৰ পোহৰ পায়।

*তুলসীৰ শুকান পাত পেলায় দিয়াৰ পৰিৰ্ৱতে-তুলসী গছৰ গুড়িত ৰখা উচিত।

*শুকান তুলসী গছ ঘৰত ৰখাটো উচিত নহয়।বিশ্বাস কৰা হয় যে-ঘৰত শুকান তুলসী গছ ৰাখিলে-সেয়া ঘৰৰ সদস্যসকলৰ বাবে দুৰ্ভাগ্যৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে।

*তুলসী গছ-সকলো সময়ত কোনো পাত্ৰত লগোৱা উচিত আৰু চাৰিওফালৰ স্থান-সকলো সময়তে পৰিষ্কাৰ কৰি ৰখাটো উচিত।(সংগ্ৰহিত)।

You May Also Like

More From Author