পুনৰ বিতৰ্কত ভিক্টৰ দাস; এইবাৰ পত্নী আৰু পত্নীৰ পৰিয়ালৰ সদস্যক মাৰপিট ভিক্টৰৰ

1 min read

পুনৰ চৰ্চাত ভিক্টৰ দাস। হয়, ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ অংশ হিচাপে অলপতে অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ পদৰ বাছনি পৰীক্ষাত অনিয়ম হোৱা বুলি কৈ গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাস এতিয়া পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে।

এইবাৰ পত্নীৰ মাকৰ ঘৰত সোমাই পত্নী আৰু পত্নীৰ পৰিয়ালৰ সদস্যক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে ভিক্টৰ দাসৰ বিৰুদ্ধে।

ইতিমধ্যে ভিক্টৰৰ বিৰুদ্ধে গোশালা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পত্নীৰ পৰিয়ালে।

যাৰপাছতে আৰক্ষীয়ে আটক কৰিছে ভিক্টৰ দাসক। ঘৰুৱা হিংসা আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ভিক্টৰৰ বিৰুদ্ধে। IPC 323, 294, 427 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে।

You May Also Like

More From Author