৫ জানুৱাৰীত ৰাজ্যিক জলসম্পদ মন্ত্ৰীসকলৰ সৰ্বভাৰতীয় সন্মিলন

1 min read

কেন্দ্রীয় জল শক্তি মন্ত্রালয়ে ৫ জানুৱাৰীত ৰাজ্যিক জল সম্পদ মন্ত্ৰীসকলৰ দুদিনীয়া সৰ্বভাৰতীয় সন্মিলনৰ আয়োজন কৰিছে। মধ্য প্ৰদেশৰ ৰাজধানী ভূপালত আয়োজিত এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে ২০৪৭ চনৰ বাবে জল দৃষ্টিভংগী। ভূপালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত জল শক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে কয় যে, কেন্দ্রীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে এই সন্মিলন উদ্বোধন কৰিব। মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু সকলো ৰাজ্যৰ জল সম্পদ মন্ত্রীসকলে এই সন্মিলনত ভাগ ল’ব। পানী সন্দৰ্ভত আয়োজিত এইখন এনেধৰণৰ প্ৰথমখন সন্মিলন হ’ব। বিষয়টো সন্দৰ্ভত ৰাজ্যৰ সংশ্লিষ্ট পক্ষসমূহৰ পৰা দিহা পৰামৰ্শ লাভ কৰাৰ লগতে জলশক্তি মন্ত্ৰালয়ৰ আঁচনি সম্পৰ্কে তেওঁলোকক অৱগত কৰোৱাই এই সন্মিলনৰ মূল উদ্দেশ্য।

You May Also Like

More From Author