সাহসী যুৱতী: ধৰ্ষণ কৰিবলৈ অহা যুৱকৰ ওঁঠ কামুৰি চিঙিলে মহিলাই

1 min read

ধৰ্ষণ কৰিবলৈ অহা যুৱকক উচিত শাস্তি দিলে এগৰাকী সাহসী মহিলাই।

নিজৰ সাহস আৰু বুদ্ধিৰ বলত এক ভয়ংকৰ বিপদৰ পৰা নিজক ৰক্ষা কৰে মহিলাগৰাকীয়ে।

সাহসী মহিলাগৰাকীয়ে তেওঁক ধৰ্ষণ কৰিবলৈ অহা কুচৰিত্ৰৰ যুৱকজনক কামুৰি আঘাত কৰি সাৰি আহিবলৈ সক্ষম হয়।

জানিব পৰা মতে, ভুক্তভোগী মহিলাগৰাকীয়ে এখন পথাৰত কাম কৰি থকাৰ অৱস্থাত দুষ্ট প্ৰকৃতিৰ যুৱকজনে তেওঁক পাছফালৰ পৰা সাৱটি ধৰে।

যুৱকজনে মহিলাগৰাকীক ধৰ্ষণৰ চেষ্টা চলায়। মুক্ত হ’বলৈ বাৰে বাৰে চেষ্টা চলায় মহিলাগৰাকীয়ে অৱশেষত নিজৰ দাঁতেৰে যুৱকজনৰ ওঁঠত উপৰ্যুপৰি কামুৰ মাৰে। ফলত ওঁঠ ছিগি যায় যুৱকজনৰ।

এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে যুৱকজনক নিজৰ জিম্মাত লৈ সেই স্থানৰ পৰা তেওঁৰ ওঁঠৰ ফাটি যোৱা অংশটো উদ্ধাৰ কৰে। ইয়াৰ পাছত যুৱকজনক দৌৰালাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভর্তি কৰোৱা হয়। মহিলাগৰাকীৰ সাহসক সকলোৱে প্ৰশংসা কৰিছে। এই ঘটনা উত্তৰ প্ৰদেশৰ মেৰুটৰ।

You May Also Like

More From Author