বড়োলেণ্ড বিশ্ববিদ্যালয়ত প্ৰথম বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ আৰম্ভ

1 min read

কোকৰাঝাৰ জিলাৰ বড়োলেণ্ড বিশ্ববিদ্যালয় চৌহদত আজিৰে পৰা প্ৰথম বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ অনুষ্ঠিত হৈছে। বিটিআৰ প্ৰশাসনৰ সহযোগত বড়োলেও বিশ্ববিদ্যালয়ে আযোজন কৰা এই মহোৎসৱ আজি বাংলাদেশৰ নোবেল বঁটা বিজয়ী অধ্যাপক মহম্মদ ইউনুছে উদ্বোধন কৰে।

অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিআৰ প্ৰধান প্রমোদ বড়ো, ভূটানৰ গুৱাহাটীত থকা কনডুলেট জেনেৰেলকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই ৪ দিনীয়া কাৰ্যসূচীত পণ্ডিত, শিক্ষাবিদ, সাংবাদিক, ছাত্ৰ-ছাত্ৰীকে ধৰি ভালেসংখ্যক লোকে অংশ লৈছে। এই উৎসৱৰ মূল বিষয় হৈছে বিটিআৰৰ লগতে সমগ্ৰ বিশ্বত বহনক্ষম উন্নয়নৰ লক্ষ্যক অগ্ৰাধিকাৰ প্ৰদান কৰে।

ইয়াৰ উপৰি বিজ্ঞান প্ৰযুক্তি, জীৱিকা, থলুৱা জ্ঞান আহৰণ ব্যৱস্থা, শিশুৰ অধিকাৰ আৰু সুৰক্ষা, শান্তি স্থাপন, সুপ্রশাসন, ইত্যাদি বিষয়কো এই মহোৎসৱত সামৰি লোৱা হৈছে। বিটিআৰৰ মুৰববী শ্ৰীবড়োই এই মহোৎসৱে বড়োলেণ্ডৰ সৰ্বাঙ্গীন উন্নয়ণৰ ক্ষেত্ৰত ইতিবাচক পৰিবৰ্তন সাধন কৰিব বুলি আশা প্ৰকাশ কৰে।

You May Also Like

More From Author