মেষ : নিজৰ ধাৰণাৰ প্ৰতি আনক আকৃষ্ট কৰা সহজ হ’ব। এই সুযোগ এৰি দিয়া উচিত নহ’ব। আত্মবিশ্বাস বৰ্তি থাকিব।
বৃষ : শেষ পৰ্যায়লৈ চেষ্টা কৰিব লাগিব। কাৰ্যালয়ত কামৰ প্ৰতি মনোযোগ নাথাকিব পাৰে। বিভ্ৰান্ত হ’লে নহ’ব।
মিথুন : অভিজ্ঞতাৰ পৰা শিক্ষা লোৱা উচিত। অসহায় মানুহক সহায় কৰিব লাগে। সাময়িক অসুস্থতাই দেখা দিব পাৰে।
কৰ্কট : ঘনিষ্ঠ মানুহৰ সৰু–সুৰা ভুলৰ ক্ষমা কৰি তেওঁলোকক দ্বিতীয় সুযোগ দিয়া ভাল। চকুৰ যতন লওক।
সিংহ : গুৰুত্বপূৰ্ণ কোনো কামলৈ যোৱাৰ পূৰ্বে নিজৰ বাহন পৰীক্ষা কৰক। শৰীৰৰ প্ৰতি নজৰ দিব লাগিব।
কন্যা : যিকোনো কামত সফলতা আহিব। দীৰ্ঘদিনৰ কোনো স্বাস্থ্যজনিত সমস্যা সমাধান হ’ব পাৰে।
তুলা : নিজৰ ৰসিকতাবোধে চাপমুক্ত হৈ থকাত সহায় কৰিব। নিজৰ সক্ৰিয়তাৰে সফলতা লাভ কৰিব পাৰিব।
বৃশ্চিক : অতীতৰ কোনো মানুহৰ সৈতে দেখা হ’ব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত নিজৰ সাধ্যৰ বাহিৰত কাম কৰিলে মানসিক চাপ হ’ব পাৰে।
ধনু : ব্যক্তিগত আৰু পেছাগত জীৱনত কোনো পৰিৱৰ্তন আহিব পাৰে। ইয়াৰ ফলত উদ্বেগ বাঢ়িব পাৰে।
মকৰ : জীৱনৰ পথত অহা যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হ’ব পাৰে। ফলত উদ্বেগ বাঢ়িব।
কুম্ভ : নিজৰ সমস্যা সমাধানৰ ক্ষমতাৰ দ্বাৰা আনক অবাক কৰি দিয়া সম্ভৱ হ’ব। আত্মবিশ্বাস তুংগত থাকিব। নতুন দায়িত্ব লাভ কৰিব পাৰে।
মীন : নিজৰ অৰ্থনৈতিক পৰিস্থিতিৰ দিশত বিশেষ নজৰ দিব লাগিব। মূৰ ঠাণ্ডা ৰাখি পৰিয়ালৰ সকলোৰে কথা বুজিব লাগিব।