নিকিতা ! গুৱাহাটীত সুন্দৰী যুৱতীয়ে পেলাইছে প্ৰৱঞ্চনাৰ জাল!

1 min read

সুন্দৰী-স্বল্পবসনা যুৱতী দেখিবলৈ ভোল নাযাব৷ এনে সুন্দৰী যুৱতী প্ৰৱঞ্চকো হ’ব পাৰে৷ সুন্দৰী যুৱতীৰ ৰূপ-লাৱণ্যৰ আঁৰত থাকিব পাৰে হানী ট্ৰেপিঙৰো কূট-কৌশল৷ গুৱাহাটীৰ ভঙাগড় থানাৰ আলহী হোৱা এগৰাকী সুন্দৰী ৰহস্যময়ী যুৱতীয়ে নিজৰ ৰূপ-লাৱণ্যৰ আৰু চলাহী কথাক হাথিয়াৰ কৰি মহানগৰীত প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই সুন্দৰী লাস্যময়ী যুৱতীগৰাকীৰ নাম হৈছে নিকিতা তিৱাৰী৷ বয়স ২৮ বছৰ আৰু ঘৰ গুৱাহাটীৰ ৰিহাবাৰীত৷ সুন্দৰী যুৱতীগৰাকীৰ দুই সহযোগী প্ৰবঞ্চক নাগালেণ্ডৰ ৰাজেশ মণ্ডল আৰু গীতানগৰৰ জ্যোতিস্মান লহকৰকো বৃহস্পতিবাৰে মহানগৰীৰ ওদালবাক্ৰাৰ পৰা গ্ৰেপ্তাৰ কৰে ভঙাগড় আৰক্ষীয়ে৷ ‘এশ গৰু মাৰিলে বাঘৰো মৰণ’– এই আপ্তবাক্য শাৰীৰ দৰেই অৱশেষত আৰক্ষীৰ ৰঙা ঘৰৰ আলহী হ’ল প্ৰৱঞ্চকৰূপী নিকিতা৷ ইতিমধ্যে ভঙাগড় আৰক্ষীয়ে প্ৰৱঞ্চক নিকিতা বাহিনীৰ বিৰুদ্ধে দণ্ডবিধিৰ ৪২০/৪০৬ ধাৰাত ৪৩/২০২৩ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ তদন্তকাৰী আৰক্ষীয়ে সদৰি কৰা মতে সুন্দৰী নিকিতাৰ গুৱাহাটীৰ বহু হাইপ্ৰফাইল ব্যক্তি বিশেষৰ¸ সৈতে আছে সু-সম্পৰ্ক৷ এই তালিকাত ৰাজনীতিক, ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি শীৰ্ষ আৰক্ষী বিষয়াও আছে৷ গুৱাহাটীৰ এখন ৱাইন শ্ব’পৰ পৰা নিকিতা তিৱাৰীয়ে এজন বিশেষ ব্যক্তিৰ নাম লৈ ১ লাখ টকাতকৈ অধিক মূল্যৰ বিলাতী সুৰা ক্ৰয় কৰাৰ লগতে নগদ ধনো আদায় কৰিছিল৷ কিন্তু বিশেষ ব্যক্তিজনে সুৰা ক্ৰয়ৰ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰাত ৱাইন শ্ব’পখনৰ হৈ ঋষিৰাজ শইকীয়াই জ্জ ফেব্ৰুৱাৰীত ভঙাগড় থানাত দাখিল কৰে এখন এজাহাৰ৷ এই এজাহাৰৰ ভিত্তিতে ভঙাগড় আৰক্ষীয়ে প্ৰথমে ৰাজেশ মণ্ডল, জ্যোতিস্মান লহকৰ আৰু পাছত নিকিতা তিৱাৰীক গ্ৰেপ্তাৰ কৰে৷ নিকিতাক গ্ৰেপ্তাৰ কৰাৰ পাছতেই প্ৰবঞ্চনাৰ ন ন তথ্য উন্মোচন হ’বলৈ আৰম্ভ কৰিছে৷ তদন্তকাৰী আৰক্ষীৰ সূত্ৰটোৱে সদৰি কৰা মতে প্ৰৱঞ্চককেইটাই জাল পেলাই দীৰ্ঘদিনৰ পৰা বহুতকে লুটি আহিছিল৷ ৰিয়েল ইষ্টেট বিজনেছত জড়িত বুলি কৈ গ্ৰাহকৰ পৰা ফ্লেট বুকিঙৰ নামত ধন সৰকোৱাৰ অভিযোগ আছে নিকিতা তিৱাৰীৰ বিৰুদ্ধে৷ ৰূপ লাৱণ্যক অস্ত্ৰ কৰি লৈ নিকিতাই বিভিন্ন ব্যক্তিক হানী ট্ৰেপিং কৰিছিল বুলি সদৰি কৰিছে ভঙাগড় আৰক্ষীয়ে৷ মোবাইলত ভিডিঅ’ ৰেকৰ্ডিং কৰি ব্লেক মেইলিং কৰাৰো নিকিতাৰ বিৰুদ্ধে অভিযোগ থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ অৱশ্যে মুখলজ্জাৰ ভয়তে বহু ব্যক্তিয়ে নিকিতাৰ বিৰুদ্ধে অভিযোগ দিবলৈ সাহস কৰা নাই বুলিও তদন্তকাৰী আৰক্ষীয়ে জানিবলৈ দিছে৷ ইফালে কেইদিনমান পূৰ্বে পল্টনবজাৰ থানাত এটা মোবাইল চুৰি গোচৰত নাম সাঙোৰ খাইছিল নিকিতা তিৱাৰীৰ৷ ধৃত প্ৰৱঞ্চক কেইটাৰ বিৰুদ্ধে মহানগৰীৰ গড়চুক থানা, দিছপুৰ থানাকে ধৰি কেইবাখনো থানাত ৰুজু হৈ আছে গোচৰ৷ মহানগৰীত চুৰি, ডকাইতি, হত্যা, অপহৰণকে ধৰি বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা অব্যাহত থকাৰ মাজতে সুন্দৰী যুৱতীয়ে বিভিন্নজনক প্ৰৱঞ্চনাৰ জালত বশ কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷ সেয়ে আপুনিও সাৱধান হ’ব৷ সুন্দৰী যুৱতী দেখি ভোল নাযাব৷ নহ’লে আপুনিও এনে চক্ৰৰ জালত পৰিব পাৰে৷

You May Also Like

More From Author