ডিব্ৰুগড়ৰ লাহোৱালত বাগিচাৰ মাজত নাবালিকাক দলবদ্ধ ধৰ্ষণ

1 min read

এক দলবদ্ধ ভয়ানক ধৰ্ষণৰ ঘটনাই কপাঁই গৈছে ডিব্ৰুগড়ৰ লগতে সমগ্ৰ ৰাজ্য।এগৰাকী ১৪ বছৰীয়া নাবালিকাক তিনি পাষণ্ডই প্ৰায় ৩৬ ঘন্টাৰো অধিক সময় দলবদ্ধ ধৰ্ষণ কৰি বাগানৰ মাজত হাত-ভৰি বান্ধি পেলাই থৈ যোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ স্বৃষ্টি কৰিছে ডিব্ৰুগড়ত।বাল্য বিবাহক লৈ আৰক্ষী ব্যস্ত হৈ থকাৰ সময়তে তিনি নৰপিশাচে প্ৰথমে অপহৰণ আৰু পাছত বাগানৰ মাজত দলবদ্ধ ধৰ্ষণ কৰাক লৈ এতিয়া সৰ্ব্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়া আৰু চাঞ্চল্যৰ স্বৃষ্টি হৈছে।জানিব পৰামতে ডিব্ৰুগড়ৰ লাহোৱাল থানাৰ অন্তৰ্গত বেবেজীয়া গাওঁৰ আঠাবাৰী বাগানত এই ভয়ানক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে।নাবালিকা গৰাকীৰ মাতৃয়ে জানিবলৈ দিয়া অনুসৰি যোৱা তিনি ফেব্ৰুৱাৰীৰ বিয়লি প্ৰায় ৪ বজাত ষষ্ঠ শ্ৰেণীত অধ্যয়নত কিশোৰী গৰাকীয়ে ভায়েকৰ সৈতে দোকানলৈ আহিছিল।তেনেতে স্থানীয় যুৱক ভাইজান আলিয়ে ভায়েকক মৰটন দি ঘৰলৈ ঘূৰাই পথায় আৰু কিশোৰী গৰাকীক অপহৰণ কৰি বলপূৰ্বক বাগানৰ মাজলৈ টানি লৈ যায়।বাগানতে ভাইজান আলিৰ সৈতে চফৰ আলি আৰু তেওঁৰ এজন বন্ধুৱে সংগ দিয়ে।ইয়াৰ পাছত নিশা হৈ অহাৰ লগে লগে কিশোৰী গৰাকীক ভাইজানসহ দুজনে সৰ্ব্বমুঠ ১০ বাৰকৈ ধৰ্ষণ কৰে।নাবালিকা গৰাকীয়ে চিঞৰিব চেষ্টা কৰিছিল যদিও কাপোৰৰে মুখত সোপা দি লৈছিল নৰাধমকেইটাই।এনেদৰে উপৰ্যুপৰি দলবদ্ধ ধৰ্ষণ কৰাৰ পাছত প্ৰায় অৱচেতন হৈ পৰিছিল ১৪ বছৰীয়া নাবালিকা গৰাকী।আনহাতেদি তিনি ফেব্ৰুৱাৰীৰ বিয়লিৰে পৰা নিজ কন্যা ঘৰলৈ ঘূৰি নহাত সকলোতে বিছাৰি চলাথ কৰে। মাতৃ গৰাকীয়ে লোকনিন্দাৰ ভয়ত আৰক্ষীক অৱগত নকৰি নিজেই সন্ধানত নামি পৰে আৰু কালি নিশা এনেদৰেই বিছাৰি থাকোতে ঘৰৰ পৰা প্ৰায় ২ কি:মি: নিলগৰ আঠাবাৰী বাগানৰ পৰা সন্দেহ জনক ভাৱে ভাইজান আলি উলাই অহা দেখিবলৈ পায়।তেতিয়াই মাতৃয়ে ভাইজান আলিক ৰখাই সোধ-পোছ কৰা সময়তে ভাইজান আলিয়ে পৰায়ন কৰে।ইয়াৰ পাছতেই মাতৃয়ে নিজ কন্যাৰ নাম লৈ বাগিচাৰ মাজে মাজে চিঞৰিবলৈ ধৰে।তেনেতে বাগিচাৰ মাজৰ পৰা মৰণকাতৰ ভাৱে মা’…মা’ বুলি এক গেঙনি মাত শুনিবলৈ পায়।লগে লগেই উক্ত মাত অনুসৰণ কৰি যথাস্থানত উপস্থিত হোৱাত বাগানৰ মাজত হাত-ভৰি বন্ধা তথা মূৰ্মুষ অৱস্থাত নিজ কন্যাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় মাতৃ।লাহোৱাল থানাৰ অৰ্ন্তগত বেবেজীয়া গাওঁৰ দিন হাজিৰা কৰা পৰিয়ালটোৰ কনিষ্ঠ কন্যা তথা ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰা নাবালিকা গৰাকীৰ সেই সময়ত খোজ কৰাৰ ক্ষমতাও হেৰুৱাই পেলাইছিল।বিৰ্বণ হৈ পৰা কিশোৰী গৰাকীক মাকে দাংকোলা কৰি নিজ ঘৰলৈ আনিছিল পৰিয়ালৰ আন সদস্যৰ সহযোগত।আজি পুৱা আৰক্ষীক গোচৰ দিবলৈ ওলোৱাৰ সময়তে অভিযুক্তৰ পৰিয়ালৰ লোকে নাবালিকাৰ পৰিয়ালৰ ওপৰত আক্ৰমণ চলায় আৰক্ষীক গোচৰ নিদিবলৈ ভাবুকি দিয়ে। ঘটনা সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰা,অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াসহ লাহোৱাল আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া সহ এক বিশাল আৰক্ষী বাহিনী ঘটনা সংঘটিত হোৱা বাগানত উপস্থিত হৈ তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।ইতিমধ্যে ঘটনাৰ মুল অভিযুক্ত ভাইজান আলিসহ ছফৰ আলিক গ্ৰেপ্তাৰ কৰিছে যদিও আন এজন পলাতক অৱস্থাত আছে।ভাইজান আলিক ঘটনখ স্থলিতে মদ নি দিছিল ছফৰ আলি সহ আন এজনে।ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে মদ্যপান কৰি নাবালিকা গৰাকীক উপয্যুপৰি ধৰ্ষণ কৰি প্ৰচণ্ড শিতৰ মাজত দুটাকৈ দিন পেলাই ৰাখিছিল চাহ বাগিচাৰ মাজত।মহ-দাহৰ কামোৰ আৰু প্ৰচণ্ড শিতৰ মাজত দিনে নিশাই হাত-ভৰি বান্ধি তিনি পাষণ্ডই ধৰ্ষণ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰা লগতে ধৰ্ষণকাৰীক ফাঁচী দাবী উৎথাপন কৰিছে স্থানীয় ৰাইজে|

You May Also Like

More From Author