গুৱাহাটীৰ বহু পুৰণি বিল্ডিং ভাঙি পেলোৱাৰ চিন্তা-চৰ্চা

1 min read

তুৰস্কৰ ভয়ংকৰ ভূমিকম্পৰ পাছতেই অসমত শেহতীয়াকৈ সঘন ভূমিকম্পৰ হোৱাত চিন্তিত হৈ পৰিছে বিশেষজ্ঞৰ লগতে সচেতন লোকসকল৷ বিশেষকৈ চলিত সপ্তাহটোত কেইবাটাও ভূমিকম্পৰ উৎপত্তিৰ স্থল আছিল নগাঁও আৰু হোজাই৷ বৃহস্পতিবাৰে চুবুৰীয়া মেঘালয়ত হোৱা ভূমিকম্পই নামনি অসমৰ বিভিন্ন স্থানত কঁপনিৰ সৃষ্টি কৰে৷ ইফালে অসমত হোৱা সঘন ভূমিকম্পৰ বাবে সাধাৰণ লোকসকলেই যে চিন্তিত হৈছে তেনে নহয়, ৰাজ্য চৰকাৰকো এতিয়া যেন শংকিত কৰি তুলিছে৷ যাৰ বাবে দুৰ্যোগ প্ৰশমন বিভাগে গুৱাহাটীৰ একাংশ বিপজ্জনক অট্টালিকা চিনাক্ত কৰিছে৷ ভূমিকম্পৰ দৰে  প্ৰাকৃতিক দুৰ্যোগত ক্ষন্তেকতে ধবংসস্তূপত পৰিণত হ’ব পৰা গুৱাহাটীৰ পুৰণিকলীয়া একাংশ অট্টালিকা তথা বাসগৃহ ভাঙি পেলোৱাৰ চিন্তা-চৰ্চা কৰাৰ কথা জানিবলৈ দিছে দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে৷ বৃহস্পতিবাৰে এটা চৰকাৰী অনুষ্ঠানত অংশ লৈ বিভাগীয় মন্ত্ৰীজনে ভূমিকম্পই বিপদ আনিব পৰা গুৱাহাটী মহানগৰীৰ বহু অট্টালিকা ইতিমধ্যে বিভাগে জৰীপ চলাই চিনাক্ত কৰা বুলি জানিবলৈ দিছে৷ গুৱাহাটী ছিছমিক জ’ন-৫ত অন্তৰ্ভুক্ত হোৱাৰ বাবে সতৰ্কতা স্বৰূপে এই চিন্তা-চৰ্চা কৰা বুলি বিভাগীয়ভাৱে কোৱা হৈছে৷ বিভাগীয় সূত্ৰই সদৰী কৰা মতে দুৰ্বল আন্তঃগাঁথনি তথা পুৰণিকলীয়া এই বিল্ডিংসমূহৰ ভিতৰত ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচিবজাৰৰ একাধিক অট্টালিকা আছে৷ তদুপৰি গণেশগুৰি, উলুবাৰী, পাণবজাৰ, উজানবজাৰ আৰু কাহিলিপাৰাৰ একাধিক বিল্ডিং বিপদসংকুল হিচাপে চিনাক্ত কৰিছে বিভাগীয় কৰ্তৃপক্ষই৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে হোৱা এটা প্ৰাবল্যৰ ভূমিকম্পত গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ বাসগৃহত ফাট মেলা পৰিলক্ষিত হৈছিল৷ সেই সময়ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বিশেষজ্ঞই একাধিক বিল্ডিং চিনাক্ত কৰি ভাঙি পেলোৱাৰ পৰামৰ্শ দিছিল বুলিও জানিব পৰা গৈছিল৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষই তেনে বিল্ডিংসমূহৰ কোনো ব্যৱস্থা লোৱা দেখা নগ’ল৷ শেহতীয়াকৈ তুৰস্কৰ ভূমিকম্পৰ পাছতেই বিশেষজ্ঞসকলে ভাৰততো উচ্ছ প্ৰাবল্যৰ ভূমিকম্পৰ আশংকা ব্যক্ত কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ বিশেষজ্ঞই সদৰী কৰা মতে দেশৰ ৫৯ শতাংশ অঞ্চলেই ভূমিকম্পপ্ৰৱণ৷ তদুপৰি অসমৰ চাৰিটা স্থানক ভূমিকম্পৰ হটস্পট হিচাপে চিনাক্ত কৰিছে বিশেষজ্ঞই৷ সেই অনুসৰি গুৱাহাটী, যোৰহাট, তেজপুৰ আৰু শদিয়াক ভূমিকম্পৰ হটস্পটত তালিকাভূক্ত কৰি অসম চৰকাৰক সকীয়াই দিছে৷ স্বাভাৱিকতেই এতিয়া বিভাগীয় মন্ত্ৰী যোগেন মহনে ভূমিকম্পৰ আশংকাতে গুৱাহাটীৰ বহু পুৰণি বিল্ডিং ভাঙি পেলোৱাৰ চৰকাৰে চিন্তা-চৰ্চা চলোৱা বুলি কৰা মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷

You May Also Like

More From Author