ভগৱান শিৱ সকলো দেৱতাৰ অন্তর্ভুক্ত মহাদেৱ, শংকৰজীৰ ৰূপ আন দেৱতাতকৈ পৃথক। ভোলে ভাণ্ডাৰী হৈছে সোনকালে সন্তষ্ট হোৱা দেৱতা। ( Religious Studies )
দেৱতাসকলৰ ভিতৰত ভগৱান শিৱ হৈছে, সেই দেৱতা যাক মহাদেৱ বুলি কোৱা হয়। কেৱল যে মানুহৰ ভক্তিৰে ভগৱান শিৱক উপাসনা কৰে, তেনে নহয়। মহাদেৱ শিৱ সকলো দেৱ-দেৱীৰ দ্বাৰাও আকৰ্ষণীয় আৰু শ্ৰদ্ধাশীল।
ভগৱান শিৱৰ সাজ-পোছাক আৰু উপাসনাও আন দেৱতাতকৈ একেবাৰে পৃথক। ভগৱান ভোলানাথ বাস কৰে যত আন কোনেও থাকিব নোৱাঁৰে। কিন্তু মহাদেৱৰ মুখ’মণ্ডল আনতকৈ কিয় বেলেগ! কিয় মহাদেৱৰ কপাঁলত সদায়ে চন্দ্র, ডিঙিত সাপ, হাতত ত্ৰিশূল থাকে। ইয়াৰ আৰৰ ৰহস্য হৈছে-
মহাদেৱৰ মূৰত চন্দ্র কিয়!
ভোলানাথে চন্দ্রক মূৰত ধৰি ৰখাৰ, আঁৰৰ দুটা কথা আছে। প্রথম কথা, ৰজা দক্ষ আৰু তেওঁৰ ৬০গৰাকী কন্যাৰ সৈতে সম্পৰ্কিত। জনশ্রুতি অনুসৰি ৰজা দক্ষৰ মুঠ ৬০গৰাকী কন্যা আছিল। যাৰ ভিতৰত ২৭গৰাকী কন্যা কেৱল চন্দ্রদেৱৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। চন্দ্রদেৱে ৰোহিণীক সকলো ২৭গৰাকী পত্নীৰ ভিতৰত আটাইতকৈ বেছি ভাল পাইছিল। সেয়ে বাকী পত্নীসকলে তেওঁৰ ওপৰত খং কৰিছিল। ( Religious Studies )
যেতিয়া ৰজা দক্ষই এই বিষয়ে জানিব পাৰিলে, তেতিয়া তেওঁৰ খং উঠিছিল আৰু ৰজা দক্ষই চন্দ্রক যক্ষ্মা ৰোগত ভুগাৰ অভিশাপ দিছিল। তেতিয়া চন্দ্রই এই যক্ষ্মা ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ ভগৱান ভোলানাথৰ ওচৰত কঠোৰ তপস্যা কৰিবলৈ আৰম্ভ কৰিছিল। চন্দ্রদেৱৰ তপস্যাত সন্তষ্ট হৈ ভগৱান শিৱই, তেওঁক এই অভিশাপৰ পৰা মুক্ত কৰে আৰু সদায়ে তেওঁক মূৰত পিন্ধিব বুলি প্ৰতিশ্ৰুতি দিয়ে।
আন এটা কথা অনুসৰি-ভগৱান শিৱই তেওঁৰ ডিঙিত সাগৰ মন্হনৰ দ্বাৰা ওলাই অহা বিষাক্ত পদার্থ ধৰি ৰাখিছিল, তেতিয়া তেওঁৰ শৰীৰ বিষাক্ত পদার্থৰ প্ৰভাৱত জ্বলিবলৈ আৰম্ভ কৰিছিল। শৰীৰৰ তাপমাত্রা হ্ৰাস কৰিবলৈ, ভগৱান ভোলানাথে চন্দ্রক তেওঁৰ মূৰত ধৰি ৰাখিছিল। যাৰ ফলত তেওঁৰ শৰীৰৰ তাপমাত্রা হ্ৰাস পাইছিল।