ঢোলৰ চেৱত নাচি-বাগি শহুৰেকৰ ঘৰত প্ৰৱেশ কৰিলে কিয়াৰাই!

0 min read
মঙলবাৰে জয়ছলমেৰৰ সূৰ্য্যগড় প্ৰাসাদত বিবাহপাশত আবদ্ধ হয় সিদ্ধাৰ্থ মালহোত্ৰ আৰু কিয়াৰা আদৱানীয়ে। বিবাহৰ অন্তত বুধবাৰে দিল্লীৰ শহুৰেকৰ ঘৰত উপস্থিত হয় কিয়াৰা।
ন বোৱাৰী কিয়াৰাৰ পিন্ধনত আছিল ৰঙা অনাৰ্কলি, মুখত নামমাত্ৰ মেক আপ। সিদ্ধাৰ্থই পিন্ধিছে বগা কাশ্মীৰী শ্বলৰ সৈতে ৰঙা শ্বেৰৱানী। ইজনে সিজনৰ হাতত ধৰি নৱবিবাহিত দুগৰাকী দিল্লী বিমানবন্দৰৰ পৰা ওলাই আহিছিল।
কিয়াৰাই শহুৰেকৰ ঘৰত সোমোৱাৰ আগতে এটা সৰু উদযাপন হৈছিল। সিদ্ধাৰ্থৰ ঘৰৰ সদস্যসকলে ঢোল বজাই কইনা কিয়াৰাক আদৰণি জনায়। নৱবিবাহিত দুগৰাকীয়েও ঢোলৰ অলপ নাচিলে। ঘৰত প্ৰৱেশ কৰাৰ পাছত নৱবিবাহিত দম্পতীয়ে ফটোগ্ৰাফাৰসকলক ধন্যবাদ জনাই মিঠাই বিতৰণ কৰে।
উল্লেখ্য যে অহা ৯ ফেব্ৰুৱাৰীত দিল্লীত আত্মীয়সকলৰ বাবে ৰিচেপচন পাৰ্টি অনুষ্ঠিত কৰিবলৈ ওলাইছে দম্পতীহালে। পৰিয়াল দুটাৰ বন্ধুসকলো নিমন্ত্ৰণী তালিকাত আছে। সেই অনুষ্ঠানৰ পিছত তেওঁলোক দিল্লীৰ পৰা মুম্বাইলৈ উভতি আহিব।
শুনা গৈছে যে তাৰকা দম্পতীয়ে ১২ তাৰিখে পুনৰ মুম্বাইত আন এক ৰিচেপচন পাৰ্টিৰ আয়োজন কৰিছে। বলিউডৰ তাৰকাৰ পৰা আৰম্ভ কৰি সংবাদ মাধ্যমৰ প্ৰতিনিধিলৈকে তাত উপস্থিত থাকিব। সকলো আয়োজনৰ অন্তত মুম্বাইৰ ৭০ কোটিৰ এটা বাংলোত সংসাৰ তৰিব সিদ্ধাৰ্থ আৰু কিয়াৰাই।

You May Also Like

More From Author