হাঁহিমুখে থাকক, শাৰীৰিক সমস্যাৰ পৰা ৰেহাই পাওক

1 min read

বিভিন্ন কাৰণবশতঃ সম্প্ৰতি মানুহে হাঁহিবলৈ পাহৰি গৈছে৷ সেই কাৰণে আজি-কালি বৃদ্ধি পাইছে লাফিং ক্লাছৰ সংখ্যা৷ কেৱল লাফিং ক্লাছেই নহয়, সমান্তৰালকৈ একাধিক কমেডি শ্ব’ৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে৷ আটাইতকৈ ডাঙৰ কথা হ’ল এই হাঁহিৰ মূল্য যে কিমান সেই কথা মানুহে এতিয়া বুজি উঠিছে৷ সেই কাৰণে মানুহে হাঁহিবলৈ চেষ্টা কৰিছে৷ ছ’চিয়েল মিডিয়া বা বিনোদনৰ যুগত হাঁহিৰ বা মানুহৰ মনোৰঞ্জনৰ ভীষণ অভাৱে দেখা দিছে৷ জীৱনত সকলো ক্ষেত্ৰতে ভালে থকাৰ অন্যতম উপায় হ’ল মন খোলা হাঁহি৷ কেৱল ভাল সময়ত হাঁহিলে নহ’ব, বেয়া সময়তো হাঁহিবলৈ শিকিব লাগিব৷ বিনোদনৰ মাধ্যমত নহ’লেও হাস্যাসনৰ জড়িয়তেও হাঁহিব পাৰি৷ এইধৰণৰ যোগৰ আছে বহু উপকাৰ৷ হাঁহিয়ে মানসিক অৱসাদ দূৰ কৰাৰ সমান্তৰালকৈ একাধিক উপকাৰ কৰে আমাৰ শৰীৰৰ৷ দৈনিক ১৫-২০ মিনিট সময় এই আসনৰ অভ্যাস কৰিলে প্ৰচুৰ উপকাৰ পোৱা যায়৷ ঘৰতে হওক বা কাৰ্যালয়তেই হওক মন-মগজুৰ ওপৰত বহু কিছু নিৰ্ভৰ কৰে৷ মন-মগজু ভালে থাকিলে কাম-কাজ ভালভাৱে হয় আৰু বেয়া থাকিলে কামৰ পাৰদৰ্শিতা বেয়া হয়৷ সেয়ে এই হাস্যাসন আপোনাৰ মনক অধিক অতি সোনকালে ভাল আৰু সক্ৰিয় কৰি দিব পাৰে৷ হাঁহিৰ ফলত মস্তিষ্কত ‘এণ্ডৰফিন’ নামৰ এবিধ কেমিকেল প্ৰস্তুত হয়, যিয়ে মানৱ শৰীৰক উজ্জীৱিত কৰে আৰু মন ভালে ৰখাত সহায় কৰে৷ বৰ্তমান প্ৰজন্মৰ অতিৰিক্ত কামৰ চাপে মানসিক অৱসাদগ্ৰস্ততাৰ মূল কাৰণ হিচাপে দেখা দিছে৷ এই আসন এনেকুৱা এবিধ আসন যিয়ে উপৰোক্ত সমস্যাবোৰ আঁতৰ কৰে৷ শৰীৰৰ কোষবোৰ সক্ৰিয় কৰাৰ বাবে হাস্যাসন কৰাটো অত্যন্ত প্ৰয়োজনীয়৷ কাৰণ এই আসনে মুখলৈ হাঁহি অনাৰ উপৰি শাৰীৰিক অসুস্থতাকো দূৰ কৰাত সহায় কৰে৷ হাঁহি এবিধ ধণাত্মক শক্তি ৷ যাৰ জৰিয়তে মানুহৰ সৈতে তৎকালীনভাৱে সম্বন্ধ গঢ়াটো সম্ভৱ হয়৷ আপুনি যিমান বেছিকৈ হাঁহিব পাৰিব আপোনাৰ বন্ধু-বান্ধৱীৰ সংখ্যা বৃদ্ধি পাব৷ এই পৃথিৱীত শিশুসকলেই সকলো ক্ষেত্ৰতে বেছিকৈ সৃষ্টিশীল৷ তাৰ প্ৰধান কাৰণ হ’ল– তেওঁলোকে মন-প্ৰাণ খুলি হাঁহিব পাৰে৷ এই হাঁহিৰ কাৰণে মানসিক চেতনা দৃঢ় হোৱাৰ সমান্তৰালকৈ উদ্ভাৱনী ক্ষমতাও বৃদ্ধি পায়৷

You May Also Like

More From Author