মেঘালয় আৰু নাগালেণ্ডত সোমবাৰে বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ’ব। ইয়াৰ বাবে দুয়োখন ৰাজ্যতে প্রস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। মেঘালয়ৰ ৫৯ টা বিধানসভা সমষ্টিৰ বাবে ৩ হাজাৰ ৪১৯টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। ইতিমধ্যে ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীৰ দল ভোটগ্রহণ কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। ইফালে, নাগালেণ্ড বিধানসভাৰ মুঠ ৬০ খন আসনৰ ভিতৰত ৫৯ খনৰ বাবে সোমবাৰে ভোটগ্ৰহণ কৰা হ’ব। বিজেপিয়ে ইতিমধ্যে এখন আসনত বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ সৈতে থকা নাগালেণ্ডৰ আন্তঃৰাজ্যিক সীমান্ত বন্ধ কৰি দিয়া হৈছে। নাগালেণ্ডত সোমবাৰে ১৮৩ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ’ব। এইবাৰৰ নিৰ্বাচনত ৪ গৰাকী মহিলা প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। বৰ্তমানলৈকে নাগালেণ্ড বিধানসভা নির্বাচনত কোনো মহিলা প্রার্থীয়ে জয়লাভ কৰিবলৈ সমৰ্থ হোৱা নাই।
মেঘালয় আৰু নাগালেণ্ডত সোমবাৰে বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ
Posted on by GTM Desk
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025