প্ৰথমে প্ৰেয়সীক প্ৰতাৰণা; পিছত প্ৰেয়সীৰ নৱজাতকক লৈ উধাও

1 min read

নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ ৰাজপথতে এগৰাকী প্ৰসূতিয়ে সন্তান প্ৰসৱ কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ননৈ অঞ্চলৰ ধন কাকতিৰ পুত্ৰ সৌৰভ কাকতিৰ সৈতে একেখন গাঁৱৰে এগৰাকী যুৱতীৰ প্ৰেমৰ সম্পৰ্ক আছিল। পিছে যুৱতীগৰাকী গৰ্ভৱতী হোৱাৰ পিছৰে পৰা সৌৰভে প্ৰেয়সীৰ সৈতে সম্পৰ্ক ত্যাগ কৰাৰ চেষ্টা কৰে।

খবৰ অনুসৰি, শুক্ৰবাৰে নিশা নিজ মাতৃৰ সৈতে সৌৰভে প্ৰেয়সীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ আনি চিকিৎসালয়ৰ সন্মুখতে এৰি পলায়নৰ চেষ্টা কৰে। পিছে প্ৰসৱ বেদনাত চটফটাই থকা সৌৰভৰ প্ৰেয়সীয়ে চিকিৎসালয়ৰ সন্মুখৰ ৰাজপথতে এটি পুত্ৰ সন্তান প্ৰসৱ কৰে।

ইয়াৰ পিছতে প্ৰত্যক্ষদৰ্শী ৰাইজে সৌৰভ আৰু মাতৃক আৱদ্ধ কৰাত তেঁওলোকে উপায়ন্তৰ হৈ নৱজাতক সহ প্ৰেয়সীক ম’হখুলিৰ শিশু আৰু প্ৰসূতি চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু পুৱা সৌৰভে নৱজাতকটিক চিকিৎসালয়ৰ পৰা লৈ উধাও হয়। ইয়াৰ পিছতে স্থানীয় ৰাইজে সৌৰভৰ বাসগৃহ ঘেৰাও কৰাত জাব্ৰাখোৱাত নৱজাতকটিক থৈ অহাৰ কথা কয়।

ৰাইজৰ অভিযোগৰ ভিত্তিত ননৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নৱজাতকটিৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। স্থানীয় ৰাইজে নৱজাতকটিৰ পিতৃ সৌৰভ কাকতিৰ লগতে পৰিয়ালৰ সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে আৰক্ষীক দাবী জনাইছে। ইপিনে নিজ সন্তানক বিচাৰি ম’হখুলি চিকিৎসালয়ৰ হাহাকাৰ কৰিছে মাতৃয়ে। নগাঁৱত সংঘটিত এই অমানৱীয় ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

You May Also Like

More From Author