ৰক্তাক্ত হৈ পৰিল নগাঁও চহৰৰ যজ্ঞেশ্বৰ শৰ্মা পথ । ক্ৰিকেটৰ বেটেৰে এজনক দলবদ্ধভাৱে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিলে একাংশ উদণ্ড যুৱকে ।
নগাঁৱৰ ফৌজদাৰিপট্টিৰ আছিকুল আলি নামৰ যুৱকজনক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে আন একাংশ যুৱকে । ক্ৰিকেটৰ বেট আৰু ইটাৰে প্ৰহাৰ কৰাৰ ফলত মূমুৰ্ষ হৈ পৰা আছিকুলক একাংশ প্ৰত্যক্ষদৰ্শীয়ে ভৰ্ত্তি কৰে নগাঁও অসামৰিক চিকিৎসালয়ত ।
ইপিনে আন একাংশ পথচাৰীয়ে এই ঘটনাৰ সৈতে জড়িত ৰাহুল বৰা আৰু আয়েশ আলম নামৰ কলেজীয়া ছাত্ৰ দুজনক কৰায়ত্ত কৰি ৰাজপথত আঠু কঢ়াই আৰক্ষীৰ হাতত গতাই দিয়ে । অৱশ্যে দলবদ্ধ আক্ৰমণৰ সৈতে জড়িত বাকীসকল যুৱকে পলায়ন কৰে ।
কি কাৰণত বিদ্যামন্দিৰ জুনিয়ৰ কলেজত অধ্যয়নৰত ছাত্ৰ গৰাকীক এনেদৰে দলবদ্ধভাৱে আক্ৰমণ কৰা হ’ল সেয়া এতিয়াও ৰহস্যৰ আবৰ্ত্তত ।