ডায়েবেটিছৰ পৰা সকাহ পাবলৈ তিতা ফুল খাওক

1 min read

আমাৰ থলুৱাভাৱে সহজতে পোৱা গুল্মজাতীয় এবিধ ঔষধিসম্পন্ন উদ্ভিদ হ’ল তিতা ফুল৷ এইবিধ ফুল স্বাস্থ্যৰ বাবে মহৌষধ৷ এইবিধ ফুলৰ ঔষধি গুণ জানিলে আপুনি আচৰিত হ’ব৷ তিতাফুল আমাৰ শৰীৰৰ বাবে অতি উপকাৰী তিতা জাতীয় খাদ্য৷ ঠাইভেদে তিতা ফুলক বাহাকা তিতা বুলিও কয়৷ বিহুগীতত পোৱা যায়– তিতিকি তিতা ফুল যোৰহাটৰ গোলাপ ফুলযচেনিমৰা বাগিচাৰ চিঠি ….

এই তিতা ফুলৰ ঔষধি গুণবোৰ জানো আহক–

⬛কলেষ্টেৰ’লৰ সমস্যা থাকিলে তিতা ফুল ব্যৱহাৰ কৰি সুফল পোৱা যায়৷

⬛তিতা ফুলে কৃমি-পেলুৰ সমস্যা দূৰতে বিদূৰ কৰে৷ তিতা ফুলৰ পাতো কফৰ মহৌষধ৷

⬛তিতা ফুল খালে তেজ পৰিষ্কাৰ হয়৷ বসন্ত ৰোগ, খৰ- খজুৱতি, এলাৰ্জি আৰু ছালৰ বিভিন্ন ৰোগত তিতা ফুল উপকাৰী৷ বেক্টেৰিয়ানাশক, ভেকুৰনাশক গুণ থকাৰ বাবে সংক্ৰমণজনিত বিভিন্ন ৰোগত তিতা ফুল উত্তম পথ্য৷

⬛বতৰ পৰিৱৰ্তনৰ ফলত হোৱা কাঁহ চৰ্দি, পানী লগা আদিত তিতা ফুল খালে ভাল ফল পোৱা যায়৷ ইয়াৰ উপৰিও ব্ৰংকাইটিছ, এজমা, যক্ষ্মা, নিউমনীয়া আৰু হাওঁফাওঁৰ বিভিন্ন ৰোগত তিতা ফুল উপকাৰী৷

⬛তনচিলাইটিছ, ফেৰিণজাইটিছ আদি সমস্যাত ভোগা লোকৰ বাবে তিতাফুল উপকাৰী৷ নহৰু-জালুক দি তিতা ফুল ভাজি খালে সুফল পোৱা যায়৷ নাইবা তিতা ফুল খাৰদি খালেও সুফল পোৱা যায়৷

⬛টাইফইড, মেলেৰিয়া আদি যিকোনো ধৰণৰ জ্বৰত তিতা ফুল উত্তম পথ্য৷

⬛তিতা ফুলে লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু অলাগতিয়াল বৰ্জিত পদাৰ্থ নিষ্কাশনত বিশেষভাৱে সহায় কৰে৷

⬛তিতা ফুল ডায়েবেটিচ ৰোগীৰ বাবে অতি উপকাৰী৷ ডায়েবেটিছ ৰোগীয়ে মাজে সময়ে তিতা কেৰেলাৰ দৰে অন্য তিতা খাদ্যৰ নিচিনাকৈ তিতা ফুল খাব পাৰে৷

⬛জণ্ডিচ ৰোগত তিতা ফুলৰ পাত বা ফুল বটি মৌৰ লগত খাব লাগে৷ ছালকুঁৱৰী পাতৰ ৰস তিতা ফুলৰ পাতৰ ৰস একেলগে খালে জণ্ডিচ ৰোগ নিৰাময় হয়৷

⬛প্ৰস্ৰাৱ বন্ধ হলে কুঁহিয়াৰৰ ৰস বা ক’লা আঙুৰৰ ৰস উলিয়াই তাৰ লগত তিতা ফুলৰ পাতৰ ৰস মিহলাই খালে বন্ধ হৈ থকা প্ৰস্ৰাৱ খোলোচা হয় বুলি বিশেষজ্ঞসকলে কয়৷

You May Also Like

More From Author