খেলপথাৰৰ বাহিৰতো হেটট্রিক কৰিব বিচাৰিছে ব্রাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰে৷ তিনিগৰাকী ভগ্নীক নৈশ যাপনৰ প্রস্তাৱ আগবঢ়াই বিতর্কৰ মাজত সোমাই পৰিছে নেইমাৰ৷ এবাৰ নহয়, বাৰে বাৰে তিনিওগৰাকী ভগ্নীক একেই প্রস্তাৱ আগবঢ়াইছিল ব্রাজিলৰ তাৰকা ফুটবলাৰগৰাকীয়ে৷
শেহতীয়াভাৱে নেইমাৰৰ এই ঘটনা পোহৰলৈ অহাত বিশ্ব ফুটবলত খলকনিৰ সৃষ্টি হৈছে৷ নেইমাৰৰ বিৰুদ্ধে এই অভিযোগ আনিছে ব্রাজিলৰ জনপ্রিয় মডেল কী আলভেছে৷ ব্রাজিলৰ এখন বাতৰিকাকতত মডেলগৰাকীৰ এই অভিযোগ প্রকাশ পোৱাৰ পিছতে আলোড়নৰ সৃষ্টি হৈছে৷
মডেল আলভেছে কয় যে নেইমাৰে তেওঁৰ লগতে তেওঁৰ যমজ ভগ্নীৰ সৈতেও যৌন সম্পর্ক স্থাপন কৰিব বিচাৰিছে৷ পেৰিছ ছেইণ্ট জার্মেইনৰ হৈ খেলি থকাৰ সময়তে নেইমাৰে তেওঁৰ সৈতে যোগাযোগ কৰিছিল৷ যিহেতু দুয়ো একেখন দেশৰ, গতিকে দুয়োৰে মাজত কথা–বতৰা চলি আছিল৷ কেইদিনমান কথা–বতৰা হোৱাৰ পিছত ব্রাজিলৰ তাৰকা ফুটবলাৰগৰাকীয়ে তেওঁক যৌন সম্পর্কৰ প্রস্তাৱ আগবঢ়ায়৷
অৱশ্যে নেইমাৰৰ সেই কথাত তেওঁ মান্তি হোৱা নাছিল৷ নেইমাৰে ইয়াতে ক্ষান্ত থকা নাছিল৷ ফুটবলাৰগৰাকীয়ে তেওঁৰ যমজ ভগ্নীৰ সৈতেও যোগাযোগ ৰাখিছিল৷ তেওঁলোকৰ সৈতেও কিছুদিন কথা পতাৰ পিছত নেইমাৰে যমজ ভগ্নীলৈও যৌন সম্পর্কৰ প্রস্তাৱ দিছিল৷ ব্রাজিলৰ মডেলগৰাকীয়ে কয় যে তেওঁ তেওঁৰ ভগ্নীৰ সৈতে নেইমাৰৰ সম্পর্কৰ কথা জনা নাছিল৷ কিন্তু এদিন ফোনত কথা–বতৰা হৈ থকাৰ সময়ত নেইমাৰৰ বিষয়টো চর্চালৈ আহে৷ তেতিয়া তেওঁ সকলো কথা গম পায়৷ অৱশ্যে আলভেছৰ লগতে তেওঁৰ যমজ ভগ্নীয়েও নেইমাৰৰ উক্ত প্রস্তাৱক প্রত্যাখ্যান কৰিছিল৷